বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৩,০০০ কোটি ধাৰ্য্য

বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৩,০০০ কোটি ধাৰ্য্য

শুকুৰবাৰে সংসদত ২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে দেশৰ প্ৰথম গৰাকী পূৰ্ণাংগ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ২০১৯-২০ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অৰ্থাৎ ডনাৰ ৰাজ্যৰ বাবে ৩,০০০ কোটি ধাৰ্য্য কৰিছে । বিত্তীয় বৰ্ষ ২০১৮-১৯ ত ২,৬২৯ কোটি টকা ধাৰ্য্য কৰিছিল । ২০১৮-১৯ চনত উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্ত:গাঠনি উন্নয়ন আঁচনিৰ ( NESIDS) বাবে ১৪০ কোটি লাভ কৰিছিল ।

এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ আন্ত:গাঠনি উন্নয়ন আঁচনিৰ নামত ৬৯৫ কোটি টকা ধাৰ্য্য কৰিছে । উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ আঁচনিৰ বাবে ৬০৭ কোটি আৰু উত্তৰ পূৰ্বাঞ্চল আৰু ছিকিমৰ Central pool of resources ৰ বাবে ৫৮০ কোটি ধাৰ্য্য কৰে । ২০১৮-১৯ বৰ্ষত ৭৮১ কোটি ধাৰ্য্য কৰিছিল এইবাৰ বাজেটত ৫৩১ কোটি ধাৰ্য্য কৰা হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ পথ উন্নয়নৰ নামত ২০১৮-১৯ বৰ্ষত ৩৯১ কোটি ধাৰ্য্য কৰা হৈছিল । তাৰ পৰিবৰ্তে ২০১৯-২০ বৰ্ষত ৬৬৬ কোটি ধাৰ্য্য কৰা হৈছে ।

২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মহিলা সৱলীকৰনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । নিৰ্মলা সীতাৰমনে কয় , এনেকুৱা একো খণ্ড নাই যত মহিলা সকলে অবদান আগবঢ়োৱা নাই।

মহিলা সকল আত্ম নিৰ্ভৰশীল হবলৈ প্ৰত্যেক জিলাতে চাবভেনচন প্ৰগেম সম্প্ৰসাৰণ কৰিব । মুদ্ৰা আচনিৰ অধিনত মহিলা সকলক ১,০০,০০০ টকাৰ লোন দিয়া হব ।

বাজেটত নিৰ্মলা সীতাৰমনে কয় , মহিলাৰ উন্নতিৰে জড়িত হৈ আছে দেশৰ উন্নতি|এইবাৰৰ পৰা চৰকাৰৰ শ্লোগান হ’ব ‘নাৰীৰ পৰা নাৰায়ণলৈ’। আত্মসহায়ক গোটৰ এগৰাকীক ১লাখ টকাকৈ ঋণ দিয়া হব|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com