৩০ আগষ্টত মুক্তি পাব প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ সাহু:উৎসুক অনুৰাগী

৩০ আগষ্টত মুক্তি পাব প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ সাহু:উৎসুক অনুৰাগী

৩০ আগষ্টত মুক্তি পাব প্ৰভাসৰ সাহু ৷ বাহুবলী অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ছবি সাহু মুক্তি পাব ৩০ আগষ্টত ৷ ছবিখনৰ নিৰ্মাতাসকলে এই সন্দৰ্ভত ইতিমধ্যে প্ৰকাশ কৰিছে ৷ ইয়াৰ লগতো সাহুৰ নিৰ্মাতাসকলে বাৰ্তা দিয়ে যে ছবিখন কাহিনীৰ লগত কোনো ধৰণৰ বুজা বুজি কৰা ন’হব ৷

আনহাতে যদি প্ৰভাসৰ সাহু ছবিৰ মুক্তি ১৫ আগষ্টত কৰা হ’ল হেতেঁন তেন্তে অক্ষয় কুমাৰৰ মিশ্যন মংগল আৰু জন আব্ৰাহামৰ বাটলা হাউচৰ লগত প্ৰতিযোগিতা হ’ল হেঁতেন ৷ ইফালে, সাহু ছবিৰ মুক্তি ৩০ আগষ্টত হ’ব যদিও শ্ৰদ্ধা কাপুৰৰ ছবি লগত একেলগে মুক্তি পাব পাৰে ৷তাৰ ভিতৰত ৩০ আগষ্ট’ত মুক্তি পাব সুশান্ত সিং ৰাজপুত, বৰুন শৰ্মা আৰু শ্ৰদ্ধা কাপুৰৰ ছবি চিচোৰে ৷ কিন্তু ইয়াৰ মুক্তিৰ দিন সম্প্ৰতি পৰিৱৰ্তন হোৱাৰ সম্ভৱনা ক্ষীণ হৈ পৰিছে ।

https://twitter.com/taran_adarsh/status/1152071589044690946

উল্লেখ্য যে,সুজিতৰ পৰিচালনাত নিৰ্মাণ হোৱাৰ সাহু ছবিখনত শ্ৰদ্ধা আৰু প্ৰভাসৰ উপৰিও নীল নিতীন মুকেশ,জেকী শ্ৰফ,মন্দিৰা বেদী,মহেশ মাঞ্জেকাৰ,চাংকী পাণ্ডে,অৰুণ বিজয়ে অভিনয় কৰিছে ৷

মুকলি হ’ল সাহুৰ টিজাৰ ৷১.৩ মিনিটৰ টিজাৰটোত আৰম্ভনি হৈছে চাইনাৰ গেটৱে অফ হেবনৰ পৰা আৰম্ভ হৈছে। য’ত সুন্দৰী শ্ৰদ্ধা আৰু প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ টিজাৰটোত গেঙ আৰু গাড়ীৰ লগত প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ সাহু ছবিখনত দুটা সংলাপহে শুনা গৈছে ৷

সংলাপ কেইটা শুনা গৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ মুখত ৷ ডাইৰেক্টৰ সুজীতৰ সাহু ছবিখন হিন্দী,মালায়ালাম, তামিল আৰু তেলেগুত নিৰ্মাণ হ’ব। ছবিখনত জেকী শ্ৰফ,নীল নিতিন মুকেশ আৰু মুৰুলী শৰ্মাই অভিনয় কৰিছে ৷আজি মুক্তি পোৱা ছবিখনৰ টিজাৰটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷২০১৮ চনৰ প্ৰভাসৰ জন্ম দিনত ছবিখনৰ প্ৰথম টিজাৰ আহিছিল ৷

সাহুৰ কাৰণে দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ওজন হ্ৰাস কৰিছিল ।যাৰ কাৰণে প্ৰভাসে জীমলৈ গৈ ওজন হ্ৰাস কৰিছিল ৷ দুবছৰৰ আগয়ে সাহু ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন আৱশ্যক। সাহুৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু ওজনৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৷অন্যহাতে,৩০০ কোটি বাজেটে নিৰ্মাণ হৈছে সাহু ৷

বলীউডৰ পৰিচালক প্ৰযোজক তথা বিছাৰক ৰোহিত চেট্টীৰ কথা সকলোৱে জানে ৷ৰোহিত চেট্টীৰ ছবি আৰু গাড়ী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু ৰোহিত চেট্টীৰ এইবাৰ প্ৰত্যাহ্বান জনাইছে সাহু ছবিৰ পৰিচালক সুজিতৰ ৷ৰোহিত চেট্টীৰ ছবিসমূহত য’ত প্ৰায় এক দৰ্জন গাড়ী উৰাই। ইয়াৰ বিপৰীতে সাহুত পৰিচালক সুজিতে প্ৰায় তিনিডৰ্জন গাড়ী ব্লাষ্ট কৰোৱাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com