Begin typing your search above and press return to search.

ক’ৰ’না আতংক: ভাইজান ছলমানে গালে ক’ৰ’নাক লৈ স্ব-ৰচিত গান

ক’ৰ’না আতংক: ভাইজান ছলমানে গালে ক’ৰ’নাক লৈ স্ব-ৰচিত গান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2020 12:34 PM GMT

ক’ৰ’না আতংক: ভাইজান ছলমানে গালে ক’ৰ’নাক লৈ স্ব-ৰচিত গান । সমগ্ৰ বিশ্বজুৰি ক'ৰ'না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।‌ভাৰততো চৌদিশে ক’ৰ’নাই প্ৰচণ্ড ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে অহা ৩ মে'লৈ দেশ জুৰি তলাবন্ধ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত সাধাৰণ লোকৰ লগতে অভিনেতা-অভিনেত্ৰীসকলেও ঘাইকৈ ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ আছে ৷

এই সময়চোৱাত বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলেও বিভিন্ন ধৰণে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচীত যোগদান‌ কৰিছে। ভাইজান ছলমান খানেও ইয়াত অন্তৰ্ভুক্ত হৈছে। ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ এটি গীত ৰচনা কৰিছে ।‌ লগতে এই গানটো ছলমান খানে নিজে কণ্ঠদান কৰিছে । অভিনেতা গৰাকীয়ে কোৰোনাৰ ওপৰত ৰচিত " প্যাৰ ক’ৰ’না " গানটিৰ টিজাৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে গানটিয়ে কেতিয়া মুক্তি লাভ কৰিব সেই বিষয়েও তেওঁ দৰ্শকক জনাইছে ।

জনপ্ৰিয় অভিনেতাজনে উল্লেখ কৰা অনুসৰি গানটি কাইলৈ তেওঁৰ ইউটিউব চেনেলত মুক্তি লাভ কৰিব। লগতে তেওঁ লিখে যে " কাইলৈ মোৰ ইউটিউব চেনেলত গান এটি মুক্তি লাভ কৰিব।‌আশা কৰো গানটো সকলোৱে ভাল পাব " ।

এই গীতটি কম্পোজ কৰিছে সাজিদ নাডিয়াডবালাই । গীতটিৰ কথা ছলমান খানে হুইছেন দলালৰ সহায়ত লিখিছে । উল্লেখ্য যে গীতটিৰ ভিডিঅ’ ছলমান খানে ঘৰত থাকিয়েই শ্বুটিং কৰিছে ।

কিছুদিনৰ পৰা অন্য চেলিব্ৰিটীৰ লগতে ছলমান খানকো ছচিয়েল মিডিয়াত সক্ৰিয় থকা দেখা যায়।

অন্য খবৰৰ বাবে পঢ়ক: কোৰোনা মহামাৰী: কোৰোনা মুক্ত হ’ল মণিপুৰ আৰু অৰুণাচল প্ৰদেশ‌

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি