অযোধ্যাৰ সন্দৰ্ভত ছলমান খানৰ পিতৃৰ মন্তব্যই লাভ কৰিছে চৰ্চা

অযোধ্যাৰ সন্দৰ্ভত ছলমান খানৰ পিতৃৰ মন্তব্যই লাভ কৰিছে চৰ্চা

শতিকাজোৰা বিতৰ্কিত অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শনিবাৰে নিজৰ ঐতিহাসিক ৰায়দান কৰিলে ৷ইয়াৰ পিছতেই বহু দল সংগঠন,শাসক বিৰোধী সকলোৱেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পিছ পৰি থকা নাই বলীউডৰ অভিনেতা অভিনেত্ৰীসকলো ৷ বলীউডৰ ভাইজান ছলমান খানৰ পিতৃ সলীম খানৰ অযোধ্যাক লৈ কৰা মন্তব্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক স্বাগতম জনাই সলীম খানে কয় যে অযোধ্যাত মুছলমানসকলৰ কাৰণে দিয়া পাঁচ একৰ ভূমিত বিদ্যালয় স্থাপন কৰিব লাগে। লগতে মুছলিম লোকসকলক এই বিষয়টো পুনৰ আৰম্ভ নকৰিবলৈ আহ্বান কৰে। লগতে কয় যে আমি সকলোৱে সম্প্ৰতি প্ৰাথমিক সমস্যাৰ ওপৰত চিন্তা কৰিব লাগে ৷

মুছলমানসকলৰ কাৰণে বিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰয়োজন। অযোধ্যাত মছজিদৰ কাৰণে লাভ কৰা পাঁচ একৰ ভূমিত মহাবিদ্যালয় স্থাপন হ’লে ভাল হ’ব। কাৰণ নামাজ, ট্ৰেইন বা উৰাজাহাজতো পঢ়িব পাৰি।গতিকে দেশৰ ২২ কোটি মুছলমানে যদি শিক্ষা লাভ কৰে তেন্তে এই দেশৰ বহু উন্নতি হ’ব ।আনহাতে সলীম খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্য সহমতি প্ৰদান কৰি কয় যে অযোধ্যা বিবাদ সমাপ্ত কৰি আমি নতুন চিন্তা কৰিব লাগে ৷সাম্প্ৰতিক সময়ত আমাক শান্তিৰ প্ৰয়োজন ৷গতিকে দেশৰ প্ৰধান বিষয়সমূহক দৃষ্টি নিক্ষেপ কৰি আমি সকলোৱে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব লাগে ৷

ইফালে বলীউডৰ অন্যান্য ষ্টাৰ সকলেও এই সন্দৰ্ভত মন্তব্য কৰিছে ৷ বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে টুইটাৰ যোগে সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰে। লগতে বলীউডৰ অভিনেত্ৰী গৰাকীয়ে নিজৰ মতামত ব্যক্ত কৰিবলৈ ৰঘূপতি ৰাঘৱ ৰাজা ৰাম সবকো সন্মতি দে ভগৱান ভজনৰ দুটা শাৰীও লিখে।

ইয়াৰ লগতে বলীউডৰ আন এজন প্ৰসিদ্ধ অভিনেতা অনুপম খেৰেও টুইটাৰ যোগে সকলোৰে মাজত সম্প্ৰীতিৰ সদ্ভাৱ বৰ্তাই ৰাখিবলৈ কয়। ইফালে অনুপম খেৰৰ টুইটৰ পিছতে লোকসকলৰ অভিযোগ যে তেওঁ চৰকাৰৰ বিৰুদ্ধে কেতিয়াও একো নকয়। আনহাতে বলীউডৰ অভিনেতাসকলৰ দৰে ৰাজনৈতিক নেতা সকলেও অযোধ্যাৰ শুনানি সন্দৰ্ভত টুইটাৰ যোগে নিজৰ মত ব্যক্ত কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com