মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস : অতি সোনকালেই নিৰ্মাণ কৰা হব সোৱনশিৰি নদীৰ ওপৰত দলং

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস : অতি সোনকালেই নিৰ্মাণ কৰা হব সোৱনশিৰি নদীৰ ওপৰত দলং

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস : অতি সোনকালেই নিৰ্মাণ কৰা হব সোৱনশিৰি নদীৰ ওপৰত দলং । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দিয়ে যে অতি সোনকালেই ৰাজ্য চৰকাৰে সোৱনশিৰি নদীৰ দলং নিৰ্মাণৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব । এই দলং খন নদী সংযোগী নৰ্থ লখিমপুৰ আৰু ঘূনাসূতিৰ মাজত নিৰ্মাণ কৰা হব ।

সোমবাৰে ৰাতি লখিমপুৰ শাখাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি ( Manab adhikar sangram samiti , MASS ) ৰ সম্পাদকে দলং নিৰ্মাণৰ দাবী কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । তাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৰ্থ লখিমপুৰত দলং নিৰ্মাণৰ কথা ব্যক্ত কৰে ।

সেই একেই স্মাৰক পত্ৰত লখিমপুৰ জিলাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি( MASS ) য়ে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ( National register of citizen, NRC )ৰ তালিকাৰ পৰা বাদ পৰা প্ৰতিবেশী সকলৰ বাবে বিনামূলীয়া ভাৱে আইন গত সহায় সহযোগিতাৰ দাবী কৰে ।

লগতে এই সংগঠনটোৱে আন কিছুমান দাবীও উত্থাপন কৰে ।

নাগৰিক সংশোধনী বিধেয়ক ( Citizenship amendment bill ) বিৰোধিতা সম্পৰ্কে সাংসদত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰাৰ উপৰিও যি সকল অসুৰক্ষিত খাদ্য প্ৰস্তুত কৰা কেন্দ্ৰ আৰু ব্যৱসায়ী আছে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে সংগঠনটোৱে লখিমপুৰ খাদ্য সংৰক্ষন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । তাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তক খাদ্য বিভাগটোৰ ওপৰত ব্যৱস্থা হাতত ল'বলৈ মৌখিকভাৱে নিৰ্দেশ দিয়ে ।

তাৰোপৰি লখিমপুৰ শাখাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতে লখিমপুৰ জিলা শাখাৰ অসমীয়া যুৱ মঞ্চ (Asomiya yuva mancha ) ও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । এই সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ বহু বিষয় সাঙুৰি কিছুমান দাবী উত্থাপন কৰে । সোণোৱালক সংগঠনটোৱে ৰঙানদীৰ নদীবান্ধ নিৰ্মাণ, শিঙৰা নদীৰ নদী বান্ধ নিৰ্মাণ , লগতে বাচিন নদীলৈ এখন দলং নিৰ্মাণ , লখিমপুৰ কলেজ ভেটেনাৰী চাইঞ্চ লগতে নৰ্থ লখিমপুৰ চহৰলৈ সংযোগী ৰাস্তা নিৰ্মাণ , আৰু নৰ্থ লখিমপুৰ চৰকাৰী চিকিৎসালয়ৰ বাবে এজন হাড়ৰ চিকিৎসক আৰু হৃদ বিশেষজ্ঞ ৰ দাবী উত্থাপন কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP observed ‘Janajagaran Sabha’ in Duliajan | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com