Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2019 5:27 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত দোষী সাব্যস্ত কৰিছে ৷কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়াৰ পিছতেই এই প্ৰতিক্ৰিয়া তৰুণ গগৈৰ।

মংগলবাৰে এক সংৱাদমেলৰ আয়োজন কৰি তৰুণ গগৈয়ে কয় যে অসমৰ বিজেপিয়ে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বিৰোধ কৰে তেন্তে কেন্দ্ৰই এই সন্দৰ্ভত পুনৰ বিচাৰ কৰিব ।লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মেঘালয়,মিজোৰাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰশংসা কৰে যিসকলে নেডাৰ চতুৰ্থ অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

আনহাতে গগৈয়ে কয় যে আমাৰ মুখ্যমন্ত্ৰী গগৈ এই ক্ষেত্ৰত মমৰ মূৰ্তিৰ দৰে থাকিল। আৰু অমিত শ্বাহৰ কথাত হয়ভৰ দিয়াহে দেখা গ’ল ৷ অসম চুক্তিৰ লগত জৰিত থকাৰ পিছতো অতুল বৰাই এই সন্দৰ্ভত কোনো মন্তব্য নকৰিলি । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাও শাসনত থকাৰ কাৰণে একো মন্তব্য নকৰিলে।

যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো মূল্য নাথাকিব ৷এনআৰচিৰ ক্ষেত্ৰত ভিত্তি বৰ্ষ হিছাপে কৰা হৈছে ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে লোৱা হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰ। উল্লেখ্য যে এনআৰচি প্ৰকাশৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক এক সাধাৰণ কাগজ বুলি মন্তব্য কৰিছিল ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতেই বিভাজন কংগ্ৰেছত

ভিডিঅ প্ৰতক্ষ্য কৰক:Bodoland Movement Organisations staged Mass Gathering in Chirang | The Sentinel News | Assam News

Next Story
চাকৰি