মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আমেৰিকাৰ প্ৰতিনিধি মণ্ডলৰ সৈতে বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আমেৰিকাৰ প্ৰতিনিধি মণ্ডলৰ সৈতে বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মংগলবাৰে চলিত বৰ্ষৰ আমেৰিকাৰ প্ৰফেশ্যনেল ফেল’ছ প্ৰগ্ৰেমৰ ১২ জন সদস্যৰ লগত ব্ৰহ্মপুত্ৰ অতিথি শালাত এখন বৈঠক অনুষ্ঠিত কৰে ৷বিশেষকৈ প্ৰফেশ্যনেল ফেলো প্ৰগ্ৰেমৰ আধাৰত অহা কেইবাজনো সদস্য প্ৰত্যেক বছৰত দুবাৰকৈ ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় । আৰু তেওঁলোকে আমেৰিকাৰ সকলো তথ্য সমীক্ষা কৰে ৷

ইয়াৰ বিপৰীতে ইউনাইটেড ষ্টেটৰ পৰাও ভাৰতল অহা লোকে ভাৰতৰ শাসন প্ৰণালী,সমাজৰ বিষয়ে জানিবলৈ ভাৰতলৈ আহে। প্ৰতিনিধিমণ্ডলে ভাৰতীয় সমাজৰ পৰম্পৰা,সংস্কৃতিৰ বিষয়ে বুজাৰ লগতে চৰকাৰৰ মুখ্য বিষয়াসকলৰ লগত যোগাযোগা ৰাখে। চলিত বৰ্ষত প্ৰতিনিধিমণ্ডল দিল্লী,লক্ষ্ণৌ,গুৱাহাটী আৰু শ্বিলঙৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে ।

প্ৰতিনিধিমণ্ডলে ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰে ৷ সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালৰ লগত প্ৰতিনিধিমণ্ডলৰ সদস্যসকলে এক্ট ইষ্ট প’লিছী,অসমৰ বিভিন্ন সফলতা আৰু ৰাজ্য চৰকাৰৰ আহিবলগীয়া বিভিন্ন প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আৰু উত্তৰ পূবৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে আছিয়ানৰ ৮০০ মিলিয়ন লোকৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷

লগতে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিমণ্ডলক জনাই যে উত্তম যোগাযোগৰ লগতে এক্ট ইষ্ট প’লিছীৰ কাষৰীয়া দেশৰ লগত সংস্কৃতি,সাহিত্য, পৰ্যতনৰ আদান প্ৰদানৰ লগত যুৱকসকলৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে ৷ ইয়াৰোপৰি গুৱাহাটী মহানগৰীৰ বিকাশৰ পথত আগুৱাই নিয়া ৰেল,পথ,জলপথ আৰু স্থলপথ আদিৰ বিকাশৰ কথা প্ৰতিনিধিমণ্ডলৰ সন্মুখত উল্লেখ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ বৈঠকত উপস্থিত ৰাজ্য চৰকাৰৰ জেষ্ঠ্য বিষয়াসকলে গুৱাহাটী আৰু ঢাকাৰ মাজত হোৱা আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন আৰম্ভ কৰাৰ সন্দৰ্ভত মন্তব্য কৰে ৷

কাৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰত গুৱাহাটী আৰু ঢাকৰ মাজত স্পাইচ জেটৰ পোনপটীয়া বিমানসেৱাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিছাপে ভাগ লয় ৷ আইএচিএচৰ অন্তৰ্গত এই বিমান সেৱাই প্ৰতিদিনে চলিব ৷এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীক আমি দক্ষিণ পূব এছিয়া আৰু আছিয়ান দেশসমূহৰে প্ৰধান কেন্দ্ৰ হিছাপি গঢ়ি তুলিব লাগিব ।

পূৰ্বতে এই অঞ্চলটো যাতায়ত,যোগাযোগ, উন্নয়নকে ধৰি সকলো ক্ষেত্ৰত পিছপৰি আছিল ৷কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শাসনলৈ আহি উত্তৰ পূবৰ সৰ্বাঙ্গীন বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাই নহয়,বিগত সময়ছোৱাত নিজে ২৭ বাৰ উত্তৰ পূব ভ্ৰমণ কৰাৰ লগতে প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক তিনিমাহত কমেও এবাৰ হলেও উত্তৰ পূৱ ভ্ৰমণ কৰি, উন্নয়নৰ বুজ ল’বলৈ নিৰ্দেশ জাৰি কৰে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে যে উত্তৰ পূবৰ বিকাশ হলেহে দেশৰ বিকাশ হ’ব ৷ যাৰ কাৰণে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত সহায়ক হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com