Begin typing your search above and press return to search.

উন্নত আৰক্ষী থানাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

উন্নত আৰক্ষী থানাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2019 9:18 AM GMT

উন্নত আৰক্ষী থানাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ বশিষ্ঠ আৰক্ষী থানাৰ আধুনিকীকৰণে জনসাধাৰণৰ সেৱা প্ৰদান কৰাত সুবিধা হ’ব ৷ এই আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মিশ্যন ফৰ অ’ভাৰ অল ইমপ্ৰুভমেন্ট ফৰ ৰেছপ’নচিভ ইমেজ আঁচনিৰ অধীনত আৰক্ষী থানাখনৰ পুনৰ নিৰ্মাণ কৰা হয় ৷ এই আৰক্ষী থানাখন স্থাপন হৈছিল ১৯৮৪ চনত ৷

শনিবাৰে পুনৰ নিৰ্মাণ কৰা আৰক্ষী থানা মুকলি কৰি সৰ্বানন্দ সোনোবালে কয় যে আৰক্ষী বিভাগৰ সকলো ক্ষেত্ৰৰ বিকাশ আৱশ্যক ৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ কৰ্মীসকলক জনতাৰ প্ৰতি অধিক দায়িত্বশীল হ’বলৈ আহ্বান কৰে ৷ লগতে আৰক্ষীক পুনৰ দুৰ্নীতি বিৰোধী অভিযানত আৰম্ভ কৰিবৰ কাৰণে আৰু ৰাজ্যৰ আইনী ব্যৱস্থাটোক কটকটীয়া কৰিবৰ কাৰণে লোৱা ভূমিকাক শলাগ লয়।

ৰাজ্যবাসীৰ বিশ্বাস অৰ্জন কৰাত আৰক্ষী বিভাগ সফল হৈছে আৰু জনসাধাৰণৰ বিশ্বাসক সফল কৰিবলৈ আৰক্ষীয়ে নিজৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰী সোনোৱালে ৷এমঅ’আইটিআৰআই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰক্ষী থানাসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লয় ৷ বৈশিষ্ঠ আৰক্ষী থানাৰ পুনৰ নিৰ্মাণৰ কাৰণে প্ৰায় ২.৬২ কোটি টকা ব্যয় কৰিছে ৷

ইফালে এই আঁচনিৰ অধীনত ৰাজ্যত ৩৪৬ খন আৰক্ষী থানাৰ পুনৰ নিৰ্মাণৰ এক কাৰ্যসূচী হাতত লয় ৷পাঁচ বৰ্ষৰ ভিতৰত প্ৰত্যেক আৰক্ষী থানাক পুনৰ নিৰ্মাণ আৰু নবীকৰণৰ কাৰণে ২ কোটি টকা দিয়ে ৷ প্ৰথম পৰ্যায়ত ৭৩ টা আৰক্ষী থানাক পুনৰ নিৰ্মাণ কাৰণে লোৱা হৈছে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উচ্চ গুণ সম্পন্ন আৰক্ষীথানা নিৰ্মাণ কৰিবলৈ লোৱা পদক্ষেপৰ সন্দৰ্ভত আলোচনা কৰে। লগতে আৰক্ষীসকলক জনসাধাৰণৰ লগত সৌহাৰ্দ্য পূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ কৰিবলৈ আহ্বান কৰে সোনোৱালে।

ৰাজ্য চৰকাৰ আবাস যোজনাৰ অধীনৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী লোকসকলৰ কাৰণে ১০০০ টা গৃহ নিৰ্মাণ কৰিবলৈ কয়। লগতে উন্নত অস্ত্ৰ,চাইবাৰ অপৰাধীৰ লগত মোকাবিলা কৰিবলৈ অসম আৰক্ষীক বিভিন্ন সুবিধা প্ৰদান কৰিব ৷ সোনোৱালে কয় যে অসম আৰক্ষীৰ মূল উদ্দেশ্য হৈছে আৰক্ষী আৰু জনতাৰ লগত একতা বৃদ্ধি কৰি দুয়ো পক্ষৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰা।

এই অনুষ্ঠানত দিছপুৰ বিধায়ক অতুল বৰা,বিধায়ক তিংখং বিমল বৰা,ডিজিপি কুলধৰ শইকীয়া,কামৰূপ মেট্ৰ’ৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে মতবিনিময় কৰে ৷ লগতে মুখ্যমন্ত্ৰী সংবাদ উপদেষ্টা ঋষিকেশ গোস্বামী,গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ।

অধিক খবৰৰ বাবে পঢ়ক: আজৰা আৰক্ষী থানৰ পুনৰ নিৰ্মাণৰ ওপৰত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Next Story
চাকৰি