Begin typing your search above and press return to search.

তলাবন্ধত অত্যাৱশ্যকীয় বাহনৰ চলাচলঃ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সোণোৱালৰ বাৰ্তালাপ

তলাবন্ধত অত্যাৱশ্যকীয় বাহনৰ চলাচলঃ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সোণোৱালৰ বাৰ্তালাপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2020 10:01 AM GMT

তলাবন্ধত অত্যাৱশ্যকীয় বাহনৰ চলাচলঃ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সোণোৱালৰ বাৰ্তালাপ । সমগ্ৰ বিশ্বৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগত ফোনযোগে বাৰ্তালাপ কৰে ৷ বাৰ্তালাপৰ সময়ত সোণোৱালে গুৱাহাটীৰ পৰা বৰাকলৈ যাবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যৱস্থা নিশ্চিত কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। সোণোৱালে কয় যে বৰাক উপত্যকালৈ যাবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰী সমূহ মেঘালয়ৰ মাজেৰে যাব লগা হয় ৷ গতিকে বৰাক উপত্যকাৰ লোকসকলে যাতে সোনকালে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰে, তাৰ বাবে মেঘালয় কৰ্তৃপক্ষৰ সহায় বিচাৰে মুখ্যমন্ত্ৰী সোণোৱালে।

এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো কথা- বতৰা পাতে।

উল্লেখ্য যে অসমত বৰ্তমান সময়লৈকে ৩৫ জন ‌লোক ক’ৰ’না মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে । ইয়াৰে হাইলাকান্দিৰ এজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে।

উল্লেখ্য যে মেঘালয়ত এই পৰ্যন্ত ১০ লোক আক্ৰান্ত হ’ল এই মহামাৰীত। ইয়াৰে এজনে মৃত্যুক সাৱটি লৈছে । মুখ্যমন্ত্ৰী চালমাই জনোৱা মতে, নতুনকৈ আক্ৰান্ত হোৱা দুয়োজন ৰোগীয়েই ৰাজ্যখনৰ প্ৰথমজন ক’ৰ’ণাত আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ আহিছিল। তাৰে এজন তেওঁৰ পৰিয়ালৰ সদস্য হোৱাৰ বিপৰীতে আনজন ঘৰৰ সহায়ক।

ক’ৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দেশত ৩ মে' লৈ বৃদ্ধি কৰা হৈছে লক-ডাউন । এই সময়চোৱাত দেশৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ৰখা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: কোৰোনা আতংক : দেশত কৰোনা পজিটিভৰ সংখ্যা ১৪,৩৭৮ লৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি