Begin typing your search above and press return to search.

১৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোলকাতাত উদ্বোধনী কৰিব অসম ভৱন

১৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোলকাতাত উদ্বোধনী কৰিব অসম ভৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Feb 2020 7:59 AM GMT

১৬ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোলকাতাত দ্বিতীয়টো অসম ভৱন উদ্বোধনী কৰিব। কোলকতাত নতুনকৈ আৰম্ভ হ'ব দ্বিতীয়টো অসম ভৱন। অসমৰ মানুহে প্ৰায়ে কোলকাতা ভ্ৰমন কৰে । এতিয়াৰে পৰা কোলকাতা ভ্ৰমন কৰিবলৈ আৰু এক কাৰণ থাকিব অসমৰ জনসাধাৰণৰ মাজত। ২০২০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধনী কৰিব দ্বিতীয়টো অসম ভৱনৰ । তদুপৰি কোলকাতাত ট্ৰেড চেন্টাৰ কাম য়ুথ হোষ্টেলৰ ও উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কোলকতাৰ চেক্টৰ ৩ ৰ সাল্ট লেকত ১৪ তলতীয়া অতিৰিক্ত অসম ভৱন নিৰ্মাণ কৰি উলিওৱা হৈছে ।এই অসম ভৱনত থাকিব দুটা ভি ভি আই পি চুট, ২৩ টা ভিজিটৰ ৰুম, ২ টা ছাত্ৰাবাস পুৰুষৰ বাবে, ২ টা ছাত্ৰাবাস মহিলাৰ বাবে আৰু এটা প্ৰেক্ষাগৃহ নিৰ্মান কৰা হৈছে ।

এই ভৱনৰ লগতে গাড়ী ৰখোৱা ঠাই , পেনেল ৰুম, জি ডি এ কাৰ্যালয়, পি ডব্লিউ ডি অফিছ, ইন্টাৰনেট কেফে, ৰিছিপছন ,লউঞ্জ, ৰান্ধনী শাল, আদি আছে । কোলকাতাত দ্বিতীয়টো অসম ভৱন নিৰ্মাণত ব্যয় হৈছে ২৫ কোটি টকা।

কোলকাতাত আগৰে পৰাই এটা অসম ভৱন আছে। এতিয়া অসমৰ লোক কোলকাতালৈ যোৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে এই পদক্ষেপ লৈছে অসম চৰকাৰে । টি ব'ৰ্ড অফ ইণ্ডিয়াৰ মুখ্যালায় কলকাতাত স্থাপন হোৱাৰ পৰাই চাহ উদ্যোগৰ লগত জড়িত অসমৰ লোক আৰু অসমৰ ব্যৱসায়ী সকল কোলকাতালৈ যোৱাৰ সংখ্যা বৃদ্ধি পাইছে।

আয়ুক্ত আৰু সাধাৰণ প্ৰশাসন বিভাগৰ সচিব ড° এম অংগামুথুই কয় যে অতিৰিক্ত অসম ভৱনে অসমৰ পৰা কোলকাতালৈ যোৱা মানুহক সেৱা আগ বঢ়াব । ৰবিবাৰে হ'ব লগীয়া উদ্বোধনী অনুষ্ঠানত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ও উপস্থিত থাকিব ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক : Another case of Daylight Robbery in Tinsukia; 2 Lakh Rupees stolen.

Next Story
চাকৰি