শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশাল অভিলাষী আঁচনি : হিমন্ত বিশ্ব শৰ্মা

শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশাল অভিলাষী আঁচনি : হিমন্ত বিশ্ব শৰ্মা

শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশাল অভিলাষী আঁচনি : হিমন্ত বিশ্ব শৰ্মা। নতুনকৈ শিক্ষা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে গ্ৰহন কৰিছে নতুন পদক্ষেপ। লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনি সমূহ অহা ছয় মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব । এই আচঁনি সমূহ তলত দিয়া ধৰণৰ -

১) এতিয়াৰে পৰা প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যালয়ৰ ইউনিফৰ্ম বিদ্যালয় পৰিচালনা কমিটীয়ে কিনিব যাৰ বাবে মাৰ্চৰ আগতে ৪৫০ কোটি টকা লাভ কৰিব ।

২) প্ৰথম বাৰৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ ইউনিফৰ্ম দিয়া হ'ব ।

৩) হাই স্কুলৰ ৫,৪০০ জন ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হ'ব ।

৪)সৰ্বশিক্ষাৰ অধীনত টেট পুলত কৰ্মৰত প্ৰায় ১১,০০০ গৰাকী শিক্ষককো নিয়মীয়া শিক্ষকৰ দৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ'ব।‌

৫) সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰায় ৩২,০০০ টেট শিক্ষকে নিয়মীয়া শিক্ষকৰ দৰে সুবিধা লাভ কৰিব ।

৬)কলেজৰ অধ্যক্ষই খালী পদ পূৰণৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব।

৭)প্ৰায় ৯,৬০০ প্ৰাথমিক শিক্ষকক নিয়মিত ভিত্তিত নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ বাবে বিজ্ঞাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে ।

৮) প্ৰায় ১৩,৩৬০ টা শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবে ৪৯৯৩ খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব ।

৯) প্ৰায় ৬২০ খন হাইস্কুল প্ৰাদেশিকীকৰণ কৰা হ'ব যাৰ ফলত ৪,৮০০ টা শিক্ষক আৰু অ শৈক্ষিক কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণ কৰা হ'ব ।

১০)প্ৰায় ৩০ খন নতুন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ ফলত ৯০০ কৰ্মচাৰী লাভান্বিত হ'ব । ইয়াৰোপৰি পূৰ্বে বাদ পৰা ৭৬৮ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব ।

১১)শেহতীয়াকৈ হোৱা টেটৰ পৰা ৬,০০০ প্ৰাথমিক শিক্ষক নিযুক্তি দিয়া হব ।

১২) প্ৰায় ১২,০০০ অনিয়মিত আৰু অবৈধ ভাৱে নিযুক্ত শিক্ষক অসমত আছে । এই সমস্যা সমূহ চলিত বৰ্ষৰ ১৫ আগষ্টলৈ সমাধান কৰা হ'ব ।

১৩)গুণোৎসৱৰ সময়ত সন্মুখলৈ অহা বিদ্যালয়ৰ সমস্যা সমূহ সমাধানৰ বাবে ৯৬২ কোটি টকা দিয়া হ'ব ।

১৪) বিদ্যালয় কতৃপক্ষৰ বাবে ও মধ্যাহ্ন ভোজনৰ ব্যৱস্থা।

১৫)চৰকাৰে বিগত ডেৰ বছৰত শিক্ষক সকলৰ বদলি আৰু পোষ্টিং আকৌ এবাৰ পৰীক্ষা নিৰীক্ষা চলাব আৰু ব্যৱস্থা গ্ৰহণ কৰিব।

ভিডিঅ প্ৰতক্ষ্য কৰক : Ajmal Foundation distributes 10 Computers to Axom Sahitya Sabha in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com