বিজ্ঞানৰ সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বিজ্ঞানৰ সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বিজ্ঞানৰ সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতি বাৰে জনতা ভৱনত বিজ্ঞান আৰু প্ৰদ্যোগিক বিভাগৰ সমীক্ষা কৰি বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত বৈজ্ঞানিক মনোভাৱ বৃদ্ধি কৰিব ৷ এই সন্দৰ্ভত সোনোৱালে কয় যে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু সংস্কাৰ আঁতৰ কৰিবৰ কাৰণে অভিভাৱক আৰু শিক্ষকসকলক সজাগ হ’ব লাগিব ৷

লগতে বিজ্ঞান আৰু প্ৰাদ্যোগিক বিভাগক সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় সোনোৱালে ৷ ইফালে ৰাজ্যৰ যুৱ প্ৰজন্মই জৈৱ বিবিধতা সমৃদ্ধিৰ ক্ষেত্ৰত জাগৰণ আনিবলৈ কয়। পৰিবেশ আৰু জীৱ জন্তৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিবলৈ আহ্বান কৰে । বঙাইগাঁও আৰু ওডালগুৰি জিলাত শীত তাপ নিয়ন্ত্ৰিত এটা গৃহ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।

ইয়াৰোপৰি ৰাজ্যৰ কৃষকসকলৰ কাৰণে অধিক সা সুবিধাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে ৷ গাঁৱৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে লগতে শস্য সংৰক্ষণ কৰিব পৰা শীত তাপ নিয়ন্ত্ৰিত গৃহ নিৰ্মাণ কৰিবৰ কাৰণে অনুদান দিয়াৰ কথা ঘোষণা কৰে ৷

অন্যহাতে বৈঠকখনত গাঁৱত পুঁথিভৰাঁল,ৰাজ্যৰ যুৱকসকলৰ কাৰণে নিয়োগ প্ৰক্ৰিয়া আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যুৱকসকলৰ নিযুক্তি আদি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) ৷এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া,এএমটিআৰঅ’এনৰ এম ডি এম কে য়াদৱ উপস্থিত আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com