Begin typing your search above and press return to search.

এনআৰচি প্ৰকাশৰ প্ৰাকমুহুৰ্তত মহানগৰীত ১৪৪ ধাৰা

এনআৰচি প্ৰকাশৰ প্ৰাকমুহুৰ্তত মহানগৰীত ১৪৪ ধাৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2019 11:42 AM GMT

এনআৰচি প্ৰকাশৰ প্ৰাকমুহুৰ্তত মহানগৰীত ১৪৪ ধাৰা । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত পঞ্জী প্ৰকাশ পাবলৈ মাজত মাত্ৰ দুটা দিন ৷ ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী৷ চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে গুৱাহাটীত দিয়া হৈছে ১৪৪ ধাৰা ৷ এক বিশেষ তথ্য অনুসৰি জিলাৰ চেন্টেল পুলিছৰ আৰক্ষীৰ উপাযুক্ত ৰিপুল দাসে কয় যে পাঁচ জনতকৈ অধিক লোকৰ সভা, আন্দোলন,আদিত প্ৰতিবন্ধ আৰোপ কৰিবৰ কাৰণে ১৪৪ ধাৰা দিয়া হৈছে ।

এই সন্দৰ্ভত কোনো অভিযোগ থাকিলে ৰিপুল দাসৰ ওচৰত লিখিত ভাৱে জনাব পাৰে ৷ লগতে ৰিপুল দাসে কয় যে কিছুমান সংগঠন,মানুহে এনআৰ চি প্ৰকাশৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ গতিকে জনসাধাৰণে যাতে শান্তিপূৰ্ণ ভাৱে কাৰ্যালয় আৰু যাতায়ত কৰিব পাৰে সেই কথা সুনিশ্চিত কৰিবৰ কাৰণে ১৪৪ ধাৰা দিয়া হৈছে ৷

ৰাজ্য চৰকাৰে ১৪ খন সংবেদনশীল জিলাৰ লগতে এনআৰচিৰ ৰাজ্যৰ সমন্বয়কৰ ভঙাগঢ়ৰ মুখ্য কাৰ্যালয়ৰ লগতে উপায়ুক্ত আৰু সকলো কাৰ্যালয় তথা ২৫০০ সেৱা কেন্দ্ৰত সুৰক্ষা আৰু সতৰ্কতা বৃদ্ধি কৰিছে।

আনহাতে অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে ৰাজ্যৰ সকলো জিলাতে কটকটীয়া নিৰাপত্তা ব্যবস্থা কৰিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিত নাম নহা সকলৰ ১৪ খন সংবেদনশেল জিলাত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: এনআৰচি প্ৰকাশলৈ মাজত দুটা দিন:দিছপুৰৰ সন্মুখত কিছু প্ৰত্যাহ্বান

ভিডিঅ প্ৰতক্ষ্য কৰক:Security beefed up in Guwahati ahead of publication of final NRC

Next Story
চাকৰি