মহানগৰীত স্বাধীনতা দিৱসৰ উপলক্ষে কটকটীয়া কৰি তোলা হৈছে সুৰক্ষা ব্যৱস্থা

মহানগৰীত স্বাধীনতা দিৱসৰ উপলক্ষে কটকটীয়া কৰি তোলা হৈছে সুৰক্ষা ব্যৱস্থা

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷এডিচিপি নৱনীত মহন্তই কয় যে মহানগৰীত যিকোনো সমস্যাৰ কাৰণে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে ৷ লগতে যি কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সংঘটিত নহয় তাৰ কাৰণে পাহাৰে ভৈয়ামে অভিযান আৰম্ভ কৰা হৈছে ৷

ইফালে সন্ত্ৰাসবাদীয়ে যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ কাৰণে অভিযান অব্যাহত আছে। আনহাতে সীমান্তৱৰ্তী অঞ্চলতো সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।মেঘালয় সীমান্তত যিকোনো বিপদ সংঘটিত নহ’বলৈ বিশেষ সতৰ্কতা অৱলম্বণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত মেঘালয়ৰ লগত সম্পৰ্ক ৰক্ষা কৰা হৈছে ৷যান বাহনৰ নিয়ন্ত্ৰণ ডিচিপি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি ১৫ আগষ্টত স্বাধীনতা দিৱসৰ সময়ত খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ চৌপাশে পাৰ্কিঙত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

ৰাজ্যত সম্প্ৰতি স্বাধীনতা দিৱসৰ উদযাপনৰ কাৰণে উদুলি মুদূলি পৰিবেশ ৷ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণে সাজু হৈছে ৰাজ্য বাসী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ইফালে মহানগৰীৰ সম্প্ৰতি তিনিবৰণীয়া জাতীয় পতাকাৰে ভৰি পৰিছে।

এই সন্দৰ্ভত দ্য চেন্টিনেলে এজন স্থানীয় বিক্ৰেতাৰ লগত মত বিনিময় কৰোতে কয় যে মহানগৰীত উপলব্ধ জাতীয় পতাকা সমূহৰ মূল্য কাপোৰ আৰু কাগজৰ মানদণ্ড অনুসৰি পৃথক পৃথক ৷ জাতীয় পতাকাৰ উপৰিও আমাৰ লগত টুপী আৰু বেজ আছে। কাৰ্তিক দাস নামৰ আন এজন বিক্ৰেতাই কয় যে মই বিগত পাঁচ বছৰৰ পৰা এই কাম কৰি আছো ৷এই সামগ্ৰীসমূহ কলকাতাৰ পৰা আহে ।গ্ৰাহকসকলৰ প্ৰতিক্ৰিয়াও সন্তোসজনক পাই আহিছো ৷সম্প্ৰতি আমি প্লাষ্টিকৰ পৰা তৈয়াৰী পতাকা বিক্ৰী নকৰোঁ কাৰণ চৰকাৰে ইয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসক উদযাপন কৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে স্বাধীনতা দিৱসৰ আয়োজন সম্পৰ্কে এক সংবাদ মেল আয়োজন কৰে ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা কাৰ্যসূচী অনুযায়ী ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব ৷

লগতে জিলা প্ৰশাসনে তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ সেয়েহে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ সকলৰ প্ৰতিমূৰ্ত্তিসমূহ চাফা কৰি ৰং দি সজাই তুলিব ৷ স্বাধীনতা দিৱসত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেডত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক পদক্ষেপ লয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Man found dead under mysterious condition near Lanka Railway Station

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com