Begin typing your search above and press return to search.

বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ আগন্তুক বৰ্ষত আহি আছে এখন নতুন ছবি

বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ আগন্তুক বৰ্ষত আহি আছে এখন নতুন ছবি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2019 9:09 AM GMT

বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ আগন্তুক বৰ্ষত আহি আছে এখন নতুন ছবি । বলিউড কিং নামে খ্যাত শ্বাহৰুখ খানৰ ছবি সকলোৰে প্ৰিয় । ৰোমান্টিক কিং নামে বলিউডত এক বিশেষ আসন দখল কৰি আহিছে অভিনেতা গৰাকীয়ে । তেওঁৰ ব্যতিক্ৰমী অভিনয়ৰ ফলত বলিউড জগতত এক উচ্চ স্থান দখল কৰি আহিছে অভিনেতা শ্বাহৰুখ খানে ।

কিন্তু কিছু দিনৰ পৰা বলিউড অভিনেতা জন অভিনয় জগতৰ পৰা কিছু দুৰত আছে । আনন্দ এল ৰায়ৰ ছবি জিৰো ৰ পিছত শ্বাহৰুখ খানৰ কোনো ছবি মুক্তি লাভ কৰা নাই । যাৰ বাবে শ্বাহৰুখ খানৰ অনুৰাগী সকল তেওঁৰ নতুন ছবি অহাক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । বলিউডৰ বাদছাহ জনে তেওঁৰ অনুৰাগী সকলৰ আনন্দৰ প্ৰতি সহাৰি জনায় শ্বাহৰুখ খানৰ ৫৪ তম জন্মদিনত ঘোষনা কৰিছিল যে আগন্তুক বৰ্ষত তেওঁৰ এখন নতুন ছবি মুক্তি লাভ কৰিব।

জানিব পৰা মতে অতি শীঘ্ৰেই শ্বাহৰুখ খানক ৰাজ নিদিমোৰু আৰু কৃষ্ণ ডিকেৰ ডাঙৰ বাজেটৰ ছবি কমিক এক্সন ছবিত দেখা পোৱা যাব ।

জানিব পৰা মতে এইখন এখন ষ্টাইলিছ এক্সন ছবি হ'ব । এই ছবি খন অহা বৰ্ষত মুক্তি লাভ কৰিব। তদুপৰি এই ছবি খনত শ্বাহৰুখ খানে নিজেই নিৰ্দেশনা কৰিব বুলি জানিব পৰা গৈছে। ছবি খনৰ শ্বুটিং ভাৰত আৰু বিদেশৰ বিভিন্ন স্থানত হ'ব বুলিও জানিব পৰা গৈছে।

ইয়াৰ আগতে শ্বাহৰুখ খানৰ ছবি জিৰো মুক্তি লাভ কৰিছিল য'ত অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফে ও অভিনয় কৰিছিল । ২০০ কোটি টকা বাজেটৰ এই ছবি খনে কেৱল ১৮৬ কোটি টকাহে আয় কৰিবলৈ সক্ষম হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: মহিলা কেন্দ্ৰিক বিষয়ত লিখাৰ ক্ষেত্ৰত এতিয়াও বলিউড বহু খিনি পিছত আছে; কেট্ৰিনা কাইফ

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Next Story
চাকৰি