Begin typing your search above and press return to search.

 বলিউডৰ বাদছাহ শ্বাহৰুখ খানে ক্ৰয় কৰিলে এখন ছবিৰ ৰিমেক ৰাইট,

 বলিউডৰ বাদছাহ শ্বাহৰুখ খানে ক্ৰয় কৰিলে এখন ছবিৰ ৰিমেক ৰাইট,

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 12:06 PM GMT

বলিউডৰ বাদছাহ শ্বাহৰুখ খানে ক্ৰয় কৰিলে এখন ছবিৰ ৰিমেক ৰাইট, ।‌ বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি খনক লৈ চৰ্চা হৈয়ে আছে ।

অভিনেতা শ্বাহৰুখ খান‌ কিছু সময়ৰ পৰা ছবি জগতৰ পৰা দূৰত আছে । ২০১৮ চনৰ পিছত বাদছাহ শ্বাহৰুখ খানৰ কোনো ছবি অহা নাই ।‌ ২০১৮ চনত শ্বাহৰুখ খানৰ ছবি জিৰ' ৰ পিছত তেওঁৰ অনুৰাগী সকলে পৰৱৰ্তী ছবিৰ অপেক্ষা কৰি আছে।‌ মাজে সময়ে তেওঁৰ পৰৱৰ্তী ছবিৰ কথা পোহৰলৈ আহে যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাছিল । কিন্তু এতিয়া তেওঁৰ পৰৱৰ্তী ছবিৰ বাতৰি প্ৰকাশ পাইছে ।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি শ্বাহৰুখ খানে কোৰিয়াই ছবিৰ "এ হাৰ্ড ডে" ৰ ৰিমেক ক্ৰয় কৰিছে ।‌ জানিব পৰা মতে এই ছবি খনৰ প্ৰডাকচনৰ কামো আৰম্ভ হৈছে ।

অৱশ্যে এতিয়াও এই কথা স্পষ্ট হোৱা নাই যে শ্বাহৰুখ খানে এই ছবি খনত অভিনয় কৰিব নে নাই । কিন্তু খবৰ প্ৰকাশ পাইছে যে যদি এই ছবিখনত শ্বাহৰুখ খানে অভিনয় কৰে তেন্তে তেওঁ ক্ৰাইম ডিটেকটিভ চৰিত্ৰত অভিনয় কৰিব ।

কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল যে বাদছাহ শ্বাহৰুখ খানে ছবি নিৰ্দেশক ৰাজকুমাৰ হিৰাণীৰ লগত পৰৱৰ্তী ছবিত স্বাক্ষৰ কৰিছে ।

ইয়াৰোপৰি শ্বাহৰুখ খান‌ এমেজন প্ৰাইম ভিডিঅ'ৰ জেফ বেজোজৰ লগত দেখা গৈছিল ।

উল্লেখযোগ্য যে বাদছাহ খ্যাত শ্বাহৰুখ খান‌ সকলোৰে প্ৰিয় । ইতিমধ্যে বহু ছবিত অভিনয় প্ৰদৰ্শন কৰিছে অভিনেতা শ্বাহৰুখ খানে।

জনসাধাৰণৰ মাজত "বলিউডৰ বাদশ্বাহ", "কিং অৱ্ বলিউড" আৰু "কিং খান" বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউডী চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। ইয়াৰ ভিতৰত ১৪ টাকৈ ফিল্মফেয়াৰ বঁটাও আছে। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্" আৰু "লিজিয়ন ডি'অনাৰ" প্ৰদানেৰে সন্মান যাঁচিছিল।

১৯৯২ চনত দিৱানা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ বলিউডত ভুমুকি মাৰে। কেৰিয়াৰৰ প্ৰথমভাগত দৰ , (১৯৯৩), বাজীগৰ(১৯৯৩) আৰু অঞ্জাম (১৯৯৪) চলচ্চিত্ৰকেইখনত তেওঁ খলনায়কৰ ভূমিকা লৈছিল। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমান্টিক কমেডি চেন্নাই এক্সপ্ৰেছ, (২০১৩), কমেডি চলচ্চিত্ৰ হেপী নিউ ইয়েৰ (২০১৪), একশ্বন চলচ্চিত্ৰ দিলৱালে (২০১৫), আৰু অপৰাধমূলক কাহিনীৰ চিত্ৰ ৰেইজৰ (২০১৭) নাম ল'ব পাৰি।

অন্য খবৰৰ বাবে পঢ়ক : ২০২০ চনতে বিবাহ পাশত আবদ্ধ হ’ব ৰণবীৰ কাপুৰ‌ আৰু আলিয়া ভট

ভিডিঅ প্ৰতক্ষ্য কৰক : Meet Bollywood Star Salman Khan’s biggest fan Bhupen Liksan from Jagun

Next Story
চাকৰি