অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান । আজি পুৱতি নিশা ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে ।

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অসম বিধানসভাৰ অধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বেখ চান্দ মহম্মদে । প্ৰাক্তন অধ্যক্ষ গৰাকীৰ জানাজা আজি সম্পন্ন কৰা হব গুৱাহাটীত ।

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যুত গভীৰ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু এক অপূৰনীয় ক্ষতি বুলি প্ৰকাশ কৰে। ৰাজনীতি আৰু সমাজ সেৱাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰব । তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com