Begin typing your search above and press return to search.

তিনিটা বয়ল কণীৰ দাম দেখি চকু কপালত উঠিল শেখৰৰ, আপুনিও হ'ব আচৰিত

তিনিটা বয়ল কণীৰ দাম দেখি চকু কপালত উঠিল শেখৰৰ, আপুনিও হব আচৰিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2019 10:18 AM GMT

তিনিটা বয়ল কণীৰ দাম দেখি চকু কপালত উঠিল শেখৰৰ , আপুনিও হ'ব আচৰিত ।‌ সংগীত পৰিচালক তথা সংগীতকাৰ শেখৰ ৰিজৱানী সকলোৰে পৰিচিত নাম । বিশাল শেখৰ নামেৰে জনপ্ৰিয় সংগীতকাৰ যোৰীটোৰ শেখৰ ৰিজৱানী এজন। বৃহস্পতিবাৰে এখন হোটেলৰ বিল দেখি আচৰিত হয় শেখৰ ৰিজৱানী ।

বিলাসী দোকানত কম সোৱাদ যুক্ত খাদ্যৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে । এয়া অতি সাধাৰণ কথা যে বিলাসী হোটেলত খাদ্যৰ দাম যথেষ্ট বেছি । তদুপৰি কিছুমান সৰু সৰু বস্তুৰ বাবদো বহু বেছি দাম ভৰিব লগা বিলাসী হোটেল বিলাকত ।

বিলাসী হোটেল বেছি দামৰ ঘটনা এটা পোহৰলৈ আহিছে । সংগীত পৰিচালক শেখৰ ৰিজৱানীয়ে বৃহস্পতিবাৰে এখন হোটেলৰ বিল দেখি আচৰিত হয়। অৱশ্যে তেওঁৰ এই বিলখন দেখিলে আপুনিও আচৰিত হ'ব । এখন বিলাসী পঞ্চম তাৰকা হোটেলত শেখৰ ৰিজৱানীয়ে অৰ্ডাৰ কৰা তিনিটা বয়ল কণীৰ বাবে বিল আহে ১৬৭২ টকা ।

https://twitter.com/ShekharRavjiani/status/1194982095728205824

শেখৰ ৰিজৱানীয়ে বিল খনৰ ফটো নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত প্ৰচাৰ কৰিছে । বিল খনত দেখিব পোৱা গৈছে যে তিনিটা বয়ল কণীৰ বাবদ বিল আহিছে ১৩৫০ টকা আৰু টেক্সৰ সৈতে মিলি হয় মুঠ ১৬৭২ টকা । সাধৰণ মানুহৰ বাবে এই দাম অতি আচৰিতজনক । কিন্তু শেখৰেও তিনিটা কণীৰ দাম দেখি আচৰিত হয়। শেখৰে ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰা ফটোত লিখিছে যে , " তিনিটা কণীৰ বাবদ ১৬৭২ টকা ? এয়া অলপ বেছিয়ে ব্যয়বহুল নহয়নে?"

এয়া প্ৰথম নহয় যে বিলাসী হোটেলৰ অদ্ভুত দাম পোহৰলৈ আহিছে । ইয়াৰ পূৰ্বেও কিছুমান এনেকুৱা ঘটনা সংঘটিত হৈছে যে যাৰ দাম শুনিলে হতভম্ব হয় সকলোৱে । কিছুদিন পূৰ্বে অভিনেতা ৰাহুল বোচে এখন বিলাসী হোটেলৰ বিলৰ ফটো শ্বেয়াৰ কৰিছিল। য'ত দুটা কলৰ বিনিময়ত বিল আহিছিল ৪৪২ টকা । ইয়াৰ ফলত হোটেল খনে পিছত ২৫ হাজাৰ টকাৰ জৰিমণাও ভৰিব লগা হয়।

ছ'চিয়েল মিডিয়াত এই ফটোৰ ওপৰত বহুতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: আপুনি কেতিয়াবা শুনিছেনে নাকত দাঁত গজা? এজন ব্যক্তিৰ নাকত গজি উঠিল দাঁত

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress Party stage protest in Tinsukia wearing garland of Potatoes and Onions

Next Story
চাকৰি