Begin typing your search above and press return to search.

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড: প্ৰেমিক গোবিন্দেক ফাঁচীৰ ৰায় : শ্বেতাক কেনেকৈ হত্যা কৰিছিল গোবিন্দে

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড: প্ৰেমিক গোবিন্দেক ফাঁচীৰ ৰায় : শ্বেতাক কেনেকৈ হত্যা কৰিছিল গোবিন্দে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2019 12:38 PM GMT

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ আজি ৰায় দান কৰে । শনিবাৰে শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ন্যায় লাভ কৰিলে পৰিয়ালে। শ্বেতা আছিল এগৰাকী মেধা সম্পন্ন ছাত্ৰী । শ্বেতা আগৰৱালাক প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীয়ে অতি নিৰ্মম ভাৱে হত্যা কৰিছিল । ২০১৭ চনৰ ৪ ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল গোবিন্দ সিংঘালে। পিছত আৰক্ষীয়ে গোবিন্দ সিংঘালৰ গা-ধোৱা ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল শ্বেতা আগৰৱালাৰ মৃতদেহ । আজি ভণ্ড প্ৰেমিক গোবিন্দ সিংঘালক ফাঁচীৰ ৰায় দিয়াৰ লগতে মাতৃ আৰু ভগ্নীক যাৱতজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে ।আজি ফাষ্ট ট্ৰেক কোৰ্টে এই ৰায় দিয়ে।

৪ ডিচেম্বৰ, ২০১৭ চন

২০১৭ চনৰ ৪ ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল গোবিন্দ সিংঘালে । শ্বেতা এগৰাকী মেধাৱী ছাত্ৰী আছিল । শ্বেতা আগৰৱালা সেই সময়ত কেচি দাস কমাৰ্চ কলেজৰৰ বানিজ্য শাখাৰ পঞ্চম চেমিষ্টাৰত অধ্যয়নৰত আছিল ।শ্বেতা আগৰৱালায়ে দ্বাদশত ষ্টেন কৰিবলৈ সক্ষম হৈছিল। ২০১৫ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছিল ।

শ্বেতা আগৰৱালাৰ হত্যাকাৰী গোবিন্দ সিংঘালৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল শ্বেতা আগৰৱালাৰ । গোবিন্দ সিংঘালৰ লগত এটা ধুনীয়া সপোন দেখিছিল শ্বেতায়ে। কেতিয়াও তাইৰ সপোন যে মৃতদেহ হৈ ৰব ভাবিব পৰা নাছিল মেধাৱী ছাত্ৰী গৰাকীয়ে। শেষত প্ৰেমিক গোবিন্দে প্ৰান ল'লে শ্বেতা আগৰৱালাৰ ।

ভৰলুমুখৰ গোবিন্দৰ বাসগৃহত ২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালাৰ অৰ্ধ অগ্নিদগ্ধ আৰু অৰ্ধ নগ্ন অৱস্থাত উদ্ধাৰ কৰে । পুতেক গোবিন্দৰ এই কাৰ্যত মাতৃ আৰু ভগ্নীয়ে সহায় কৰিছিল।

পূৰ্বতে প্ৰকাশ কৰা মতে , গোবিন্দ সিংঘালৰ লগত শ্বেতাৰ কাজিয়া হৈছিল। গোবিন্দ সিংঘালে শ্বেতাক গতিয়াই দিছিল কাৰন শ্বেতাৰ মূৰত আঘাতৰ চিন আছিল । তাৰ পাছত গোবিন্দে লুকুৱাবলৈ শ্বেতা আগৰৱালাক জ্বলাই দিয়ে।

আৰক্ষীয়ে গোবিন্দ সিংঘাল, মাতৃ কমলা দেৱী সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালক ৩০২|১২০ (B)/ ২০১ গোচৰত শ্বাৰ্টচিট দাখিল কৰে । আজি চাঞ্চ্যলকৰ হত্যাকাণ্ডৰ ৰায় দান কৰাত ন্যায় লাভ কৰে শ্বেতাৰ পৰিয়ালে ।আদালতৰ এই ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে শ্বেতাৰ পিতৃ–মাতৃৰ লগতে আত্মীয়ই। ইফালে, নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা জানিবলৈ দিছে গোবিন্দ সিংঘালৰ অধিবক্তাই। এমাহৰ ভিতৰতে গোবিন্দ সিংঘালৰ অধিবক্তা দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ।

অন্য খবৰৰ বাবে পঢ়ক: স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়

Next Story
চাকৰি