Begin typing your search above and press return to search.

শিথিলতাৰ অপব্যৱহাৰঃ তিনি মে’লৈ ছিকিমত সম্পূৰ্ণ লক-ডাউন বাহালৰ সিদ্ধান্ত

শিথিলতাৰ অপব্যৱহাৰঃ তিনি মে’লৈ ছিকিমত সম্পূৰ্ণ লক-ডাউন বাহালৰ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2020 12:54 PM GMT

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি ঘোষণা কৰা তলাবন্ধ (লক-ডাউন) শেহতীয়াভাৱে কেতবোৰ ৰাজ্য বা অঞ্চলত আংশিকভাবে শিথিল কৰা হৈছে। ছিকিমতো লক-ডাউন শিথিল কৰা হৈছে। কিন্তু ইয়াৰ সুযোগ লৈ একাংশ লোকে উদ্ভণ্ডালি কৰিবলৈ লয়। এই অবিবেচক লোকসকলে লক-ডাউনৰ শিথিলতা অপব্যৱহাৰ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চৰকাৰে অহা তিনি মে’লৈ সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰিছে। একাংশ লোকৰ দ্বাৰা লক-ডাউনৰ শিথিলতাৰ এনে অব্যৱহাৰক লৈ কালি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ অধ্যক্ষতাত এক জৰুৰী বৈঠক অনুষ্ঠিত হয় । কেইবাগৰাকী কেবিনেট মন্ত্ৰী আৰু উচ্চপদস্থ চৰকাৰী বিষয়া উপস্থিত থকা এই বৈঠকতে অহা তিনি মে’লৈ সম্পূৰ্ণ লক-ডাউন বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হয়।

বৈঠকৰ পাছত এক জাননীযোগে ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰে। উল্লেখ্য যে যোৱা ২০ এপ্ৰিলৰ পৰা ৰাজ্যখনত লক-ডাউন শিথিল কৰা হৈছিল। ইয়াৰ সুযোগ লৈ বহু লোকে ৰাজহুৱা স্থানত সমবেত হোৱাৰ লেখীয়া কাম কৰিবলৈ ধৰে। ফলত ৰাজ্যখন ক’ৰ’না মহামাৰীৰ কবলত পৰা আশংকা প্ৰকট হৈ উঠে। এই সম্পৰ্কত ছিকিমৰ মুখ্য সচিব এছ চি গুপ্তাই কয় যে ২০ এপ্ৰিলৰ পৰা লক-ডাউন শিথিলৰ বিষয়ে ঘোষণা কৰাৰ পাছত বহু লোকে উদ্ভণ্ডালি কৰিবলৈ ধৰে। মানুহৰ এনে আচৰণৰ বাবেই অহা তিনি মে’লৈ সম্পূৰ্ণ লক-ডাউন বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্য সচিব গুপ্তাই সদৰী কৰে। “ লক-ডাউনৰ শিথিলতাৰ সুযোগ লৈ মানুহে উদ্যান বা ৰাজহুৱা স্থানত সমবেত হৈ স্ফূৰ্তি-তামচা কৰিবলৈ ধৰে। ইয়াৰ ফলত পৰিস্থিতি জটিল হোৱাৰ আশংকাত চৰকাৰে অহা তিনি মেলৈ বৃদ্ধি কৰিছে”।

অন্য খবৰৰ বাবে পঢ়ক: অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি