ৰাজ্যত ছখন জিলাত বানৰ তাণ্ডৱঃবিস্তৰ ক্ষয় ক্ষতিৰ সন্মুখীন জনগণ

ৰাজ্যত ছখন জিলাত বানৰ তাণ্ডৱঃবিস্তৰ ক্ষয় ক্ষতিৰ সন্মুখীন জনগণ

ৰাজ্যত সম্প্ৰতি ছখন জিলা ক্ৰমে ধেমাজী,নলবাৰী,বাক্সা,বৰপেটা,যোৰহাট আৰু ডিব্ৰুগড়ত চলিছে বানৰ তাণ্ডৱ ৷ বানে ১০৬৫৯ জনসংখ্যাৰ বিপৰীতে বিস্তৰ সংখ্যক খেতি বাতি নষ্ট কৰিছে ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ ছখন জিলাৰ ৩৬ খন গাঁৱৰ আঠখন ৰাজহ চক্ৰ সম্প্ৰতি বানৰ কবলত ৷ তথ্য অনুসৰি বানৰ কবলত পৰা অঞ্চলসমূহত পশুধনৰো বিস্তৰ ক্ষতি সাধন হৈছে ৷

৪,৪১২ টা ডাঙৰ,১,৯১২ টা সৰু আৰু ২,৩৫৩ টা মূৰ্গীৰ মৃত্যু হৈছে বানত। অন্যহাতে, ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰালী দুয়োখন নদী পৃথক ঠাইত আছে, যদিও যোৰহাট জিলাৰ নিমাতীঘাটত জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ লগতে শোনিত পুৰ জিলাতো বান বিপদ সীমাৰ ওপৰেৰে বৈছে ৷ ইফালে লক্ষীমপুৰ জিলাৰ গড়চিগা গুৰক’টা গাওঁপঞ্চায়তৰ ৫০ মিটাৰৰ নদী বান্ধ চিগি যায়।

সোৱনশিৰি ৰাজহ চক্ৰৰ মোলন পথৰ নতুনকৈ নিৰ্মাণ কৰা ২০০ মিটাৰৰ এটি কালভাৰ্ট বানে উটুৱাই নিয়ে ৷ ঠিক তেনেদৰে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ এটি বান্ধ বানে ক্ষতি সাধন কৰে। বৰপেটা জিলাৰ বুঢ়াদিয়া নদীৰ পৃথক পৃথক বান্ধক উটুৱাই লৈ যায় । নলবাৰী জিলাৰ তিহু ৰাজহ চক্ৰৰ ডিআৰডিএ বান্ধক বানে উটুৱাই নিয়ে ৷লক্ষীমপুৰ জিলাৰ সম্পাৰাৰ পৰা কেশৰগুৰিলৈ এই পথচোৱা সম্পূৰ্ণৰূপে সম্প্ৰতি জলমগ্ন। ইফালে নাওবৈছাৰ ৰাজহ চক্ৰৰ আহমেদপুৰ কুটুব পথটোও বানে উটুৱাই নিয়ে।

বৰপেটা জিলাৰ হুহুখাটা নাওচালি পথ,কায়াকুচি ভাকাটাৰদুবা পথ,কাৱৈমাৰী নিজ চালদাহ পথ,পাব পিঠাদিয়া গাঁওৰ পৰা বৈঠাভাঙা পথ আৰু জিনাৰাম পথৰ পৰা বাটিয়াগাঁৱকে ধৰি এই পাঁচটি পথ সম্প্ৰতি জলমগ্ন হৈ আছে। গতিকে ৰাজ্যত বানে কৰা তাণ্ডৱৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয় ৷

ইফালে বানৰ কবলত পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটা ।চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ বিন্ধাকটা পঞ্চায়তৰ দধিয়া,ৰংমেলা,নেপালী,গেৰেকী,টেঙাবাৰী লাইকা আদি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল এতিয়া বানৰ কবলত। যোৱা কেইবাদিনো ধৰি মুষলধাৰ বৰষুণৰ পিছত অঞ্চলটোত সম্প্ৰতি বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

খোৱা পানীকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানক্ৰান্ত লোকসকল ৷ একেদৰে বৰপেটাৰ বজালী মহকুমাৰ কঠাঁলমূৰীঘাট আৰু চেংলীমাৰিত ক্ৰমে পহুমাৰা আৰু ৰূপহী নদীৰ ওপৰত থকা বাহঁৰ দলং এখন পানীয়ে উটুৱাই নিয়ে। বজালীৰ হুদুখাটা নাওশালে পথৰ কঁঠালমূৰীঘাটত পহুমাৰা নৈৰ ওপৰত থকা পথটোৰ যাতায়তৰ একমাত্ৰ মাধ্যম দলংখন নেৰানেপেৰা বৰষুণৰ ফলত উটুৱাই নিয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com