Begin typing your search above and press return to search.

সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ  উত্তাল প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 1:28 PM GMT

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদত উত্তাল হ'ল সোণাৰি । টাই আহোম সকলক অতিশীঘ্ৰেই জনজাতিকৰণ কৰা, সোণাৰিৰ পৰা মাহমৰা হৈ ডিব্রুগড়ৰ অসম মেডিকেল অভিমুখী মূল পথটি ৰোগীসকলৰ যাতায়তৰ সুবিধাৰ্থে অতিশীঘ্ৰে পুনৰ নিৰ্মাণ কৰা, ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰৰ ৰাজহ ভূমি নাজিৰা চক্ৰৰপৰা সোণাৰি ৰাজহ চক্ৰলৈ হস্তান্তৰ কৰা, চৰাইদেউ জিলাক পূৰ্ণ পৰ্যায়ত গঠন কৰাৰ দাবীত পথ অৱৰোধ কৰিলে আটাছুৱে।

এই সন্দৰ্ভত আটাছুয়ে কয় যে আমি ঐতিহাসিক চৰাইদেউ জিলাৰ কিছুমান সমস্যাৰ কাৰণে আমি কিছুমান সমস্যাক লৈ পদ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷ সোনাৰিৰ পৰা মাহমৰা হৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কাৰ্যালয়লৈ যোৱা পথটোৰ অৱস্থা অতি শোচনীয় ৷বিগত সময়ত আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছিলো যদিও কোনো সুখ খবৰ নাপালো বুলি কয় আটাছুৰ কৰ্তৃপক্ষই ৷

লগতে চৰাইদেউ জিলাৰ উপায়ুক্তক এই সমগ্ৰ বিভাগটোৰ সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছিলো যদিও সাম্প্ৰতিক সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ লগতে অনতি পলমে এই পথটোৰ লগতে অন্যান্য সামগ্ৰিক সমস্যাসমূহৰ পূৰণৰ দাবীত পথ অৱৰোধ কৰে আটাছুৰ লগতে স্থানীয় ৰাইজে ৷ যাতে এই সমগ্ৰ বিষয়টো বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাব পাৰে৷লগতে চৰাইদেউ জিলাৰ যি প্ৰশাসনিক ব্যৱস্থা,মাটিকালিৰ ক্ষেত্ৰত কিছুমান আভ্যন্তৰীণ খেলিমেলিৰ থকা কথাও প্ৰকাশ কৰে আটাছুয়ে ৷

বিগত বৰ্ষত চৰাইদেও পঞ্চায়ত আৰু ধুপাবৰ পঞ্চায়তৰ প্ৰায় ১৯ খনকৈ গাঁও ৰাইজে অৱগত অবিহনে চৰাইদেও জিলাৰ পৰা শিৱসাগৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ প্ৰয়াস কৰিছে ।এই সন্দৰ্ভত আমি টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছোঁ ৷ আৰু চৰাইদেউ জিলাৰ মৈদাম ক্ষেত্ৰটো কোনো কাৰনতে অন্য জিলালৈ নিব নোৱাৰিব ৷ এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। লগতে আটাছুৱে আশা কৰিছে যে ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷ এই সমগ্ৰ বিষয় সমূহত অনতি পলমে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই ৷

অধিক খবৰৰ বাবে পঢ়ক: জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট নামৰূপত

Next Story
চাকৰি