Begin typing your search above and press return to search.

এ বি ভি পি য়ে আপত্তি দৰ্শোৱাৰ ফলত এচ আৰ চি চিয়ে বাতিল কৰিলে কা-ৰ বিৰুদ্ধে আলোচনা

এ বি ভি পি য়ে আপত্তি দৰ্শোৱাৰ ফলত এচ আৰ চি চিয়ে বাতিল কৰিলে কা-ৰ বিৰুদ্ধে আলোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2020 7:46 AM GMT

এ বি ভি পি য়ে আপত্তি দৰ্শোৱাৰ ফলত এচ আৰ চি চি বাতিল কৰিলে কা-ৰ বিৰুদ্ধে আলোচনা। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ৰাম কলেজ অফ কমাৰ্চে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক নিৰ্ধাৰিত সভা‌ বাতিল কৰে । এই আলোচনাৰ বিষয় আছিল " কিয় উত্তৰ পূৰ্বাঞ্চলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে " । সংবাদ মাধ্যমৰ তথ্য অনুসৰি মহাবিদ্যালয়ে খনে এই সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দাবীৰ ফলত গ্ৰহন কৰে ।

আয়োজক সকলে জনোৱা অনুসৰি কিছু সময় পূৰ্বে আয়োজন কৰা এক জৰুৰীকালীন বৈঠকত প্ৰশাসন আৰু অধ্যক্ষই জনাই যে অনিবাৰ্য পৰিস্থিতিৰ বাবে এই বৈঠক বাতিল কৰা হৈছে ।‌

লগতে আয়োজক সকলে কয় যে, " আমাক জনোৱা হৈছিল যে যদিহে এই অনুষ্ঠান আয়োজন হয় তেন্তে মহাবিদ্যালয় কেম্পাচত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা আছে" ।

তেওঁলোকে কয় যে এই অনুষ্ঠানটো কোনো ধৰণৰ ৰাজনৈতিক অনুষ্ঠান নাছিল , এয়া কেৱল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে আয়োজন কৰা হৈছিল। এই আলোচনাৰ তেতিয়া প্ৰয়োজন আছিল যেতিয়া এই আলোচনাৰ সভা সমৰ্থন লাভ কৰিছিল আৰু তেওঁলোকে এই সভাত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণৰ আশা কৰিছিল বুলি কয়।

তদুপৰি আয়োজক সকলক মহাবিদ্যালয় প্ৰশাসনে এই আলোচনা পৰৱৰ্তী সময়ত আয়োজন কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

শ্ৰী ৰাম কলেজ অফ কমাৰ্চৰ এজন ছাত্ৰ নেতা গজেন্দ্ৰ চৌধুৰীয়ে কয় যে , " আমি বক্তা সকলৰ পটভূমি চালি জাৰি চাইছিলো আৰু তাৰ পৰা গম পাইছিলো যে সকলো বক্তা বাওঁ পন্থীৰ । সেইবাবে এই আলোচনা চক্ৰ বাতিল কৰা বাবে আমি প্ৰশাসনক অনুৰোধ কৰিছিলো" ।

অন্য খবৰৰ বাবে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে: সদৌ অসম ছাত্ৰ সন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক: Two children aged 4 and 7, died in fire accident in Guwahati

Next Story
চাকৰি