Begin typing your search above and press return to search.

পৰ্যটকৰস্থলী হিচাপে গঢ়ি তুলিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাহৰ দোকান

পৰ্যটকৰস্থলী হিচাপে গঢ়ি তুলিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাহৰ দোকান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 12:04 PM GMT

পৰ্যটকৰস্থলী হিচাপে গঢ়ি তুলিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাহৰ দোকান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীৱনৰ প্ৰথম সময়ছোৱাত এজন চাহ দোকানী আছিল বুলি সকলোৱে জানে ৷ কিন্তু সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাহ বিক্ৰী কৰা ৱডনাগৰত গুজৰাটৰ পৰ্যটন মন্ত্ৰ্যালয়ে পৰ্যটকৰ স্থান হিছাপে গঢ়ি তুলিবলৈ পদক্ষেপ হাতত লৈছে ।এক বিশেষ সূত্ৰৰ মত অনুসৰি ৰাজ্যৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ চহৰ ৱডনগৰত উপস্থিতি হয়।

আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাহ বিক্ৰী কৰা দোকানখনক পৰ্যটকৰ স্থান হিছাপে গঢ়ি তুলিব বুলি মন্তব্য কৰে ৷আনহাতে এই চাহ দোকানখন ৱডনাগৰ ৰেল ষ্টেশ্যনত অৱস্থিত। সম্প্ৰতি পৰ্যটন বিভাগে এই ঠাইখনত পৰ্যটকৰ স্থান হিছাপে গঢ়ি তুলিবলৈ পদক্ষেপ হাতত ল’ব ৷ইফালে সম্প্ৰতি মোডীৰ চাহ দোকানখনত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই ৷

সেয়েহে চাহৰ দোকানখন এখন প্লাষ্টিকেৰে ঢাকি ৰখা হৈছে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হৈছে ভাৰতবৰ্ষৰ এগৰাকী প্ৰতিভাশালী নেতা ৷ দেশ বিদেশত প্ৰধান মন্ত্ৰী মোডীৰ যি প্ৰভাৱ সেয়া সকলোৱে অৱগত ৷এগৰাকী চাহ দোকানীৰ পৰা দেশৰ এগৰাকী শক্তিশালী প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰালৈকে মোডীৰ যাত্ৰা সকলোৰে কাৰণে প্ৰেৰণাৰ উৎস।

অন্য খবৰৰ বাবে পঢ়ক : আছৰিতঃ টিক টক প্ৰেমী এইজন লোকে অগ্নিসংযোগ কৰিলে নিজৰ বাহনত: কিন্তু কিয়?

ভিডিঅ প্ৰতক্ষ্য কৰক:Candlelight march in Kokrajhar against killing of Dr Deben Dutta

Next Story
চাকৰি