Begin typing your search above and press return to search.

২১ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন

২১ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2019 5:55 AM GMT

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে জনীয়া,ৰঙাপাৰা, সোনাৰি আৰু ৰাতাবাৰীত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ২১ অক্টোবৰত । দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ৷ উল্লেখ্য যে লোকসভাৰ নিৰ্বাচন পাছৰ পৰাই ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত বিধায়কৰ পদ খালী হৈ আছিল।

ৰঙাপাৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস,সোনাৰি সমষ্টিৰ বিধায়ক তপন গগৈ,জনীয়াৰ বিধায়ক আব্দুল খালেক আৰু ৰাতাবাৰীৰ বিধায়ক কৃপানাথ মাল্লাহ লোকসভালৈ জয়ী হৈ আহিছিল ৷ ইফালে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ আসনকেইখনৰ বাবে প্ৰতিটো দল সক্ৰিয় হৈ উঠিছে ৷

যদিও এতিয়ালৈকে কোনো এটা দলেই উপ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷ আনহাতে ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰা হ’ব ২৩ ছেপ্তেম্বৰত ৷ মনোনয়নৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰ,মনোনয়ন পৰীক্ষাৰ দিন ১ অক্টোবৰ,মনোনয়ন প্ৰত্যাহাৰৰ দিন ৩ অক্টোবৰ আৰু ভোট গ্ৰহণৰ দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে ৷ আৰু ভোট গণনা কৰা হ’ব ২৪ অক্টোবৰত।

অন্য খবৰৰ বাবে পঢ়ক: নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিলে নিৰ্বাচনী সমীক্ষা

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg appeals crowd in Jorhat to watch 'Ratnakar'

Next Story
চাকৰি