Begin typing your search above and press return to search.

সাংবাদিকৰ বাবে ৫০ লাখ টকীয়া বীমা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

সাংবাদিকৰ বাবে ৫০ লাখ টকীয়া বীমা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 April 2020 6:55 AM GMT

সাংবাদিকৰ বাবে ৫০ লাখ টকীয়া বীমা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

সাংবাদিকৰ বাবে অসম চৰকাৰৰ ৫০ লাখ টকীয়া বীমা ঘোষণা।ক’ৰ’না মহামাৰীৰ বিভীষিকাৰ মাজত নিজৰ জীৱনক লৈ কুণ্ঠাবোধ নকৰি সেৱা আগবঢ়াই অহা ৰাজ্যৰ সাংবাদিকসকলৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫০ লাখ টকাৰ জীৱন বীমা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী সোণোৱালে এই ঘোষণা কৰি কয় যে সাংবাদিকসকলে সাহসিকতাৰে এই‌ ভাইৰাছ সংক্ৰমণ হ্ৰাসৰ চেষ্টা কৰিছে । তেওঁলোকৰ নিঃস্বাৰ্থ প্ৰয়াসৰ বাবে ৰাজ্য চৰকাৰে এই জীৱন বীমা ঘোষণা কৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজত সাংবাদিকসকলে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি সমাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ।‌সাংবাদিকসকলৰ সু-স্বাস্থ্য কামনা কৰি তেওঁ সাংবাদিকসকলক আহ্বান জনায় যাতে তেওঁলোকে সমাজৰ হিতৰ বাবে বাতৰি পৰিৱেশন কৰি থাকে । মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক গুৱাহাটী প্ৰেছ ক্লাবসহ বিভিন্ন সাংবাদিক সংগঠনে আদৰণী জনাইছে। এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এই সময়োচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে।

উল্লেখ্য যে অসমত ক’ৱিড-১৯ৰ ৩৫ জন ৰোগী আছিল । ইয়াৰে ২৭ জন সুস্থ হৈ উঠিছে। তদুপৰি এই ভাইৰাছৰ ফলত অসমত এজন ব্যক্তিৰ মৃত্যু হৈছে। বৰ্তমান ৰাজ্যত পজিটিভ ব্যক্তিৰ সংখ্যা ৫ জন ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীঃ ভাৰতত মৃতৰ সংখ্যা ৮৭২লৈ বৃদ্ধি, ২৪ ঘণ্টাতে ৪৮জনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story