Begin typing your search above and press return to search.

বানাক্ৰান্তলৈ ২০০ কোটি টকাৰ পেকেজ ৰাজ্য চৰকাৰৰ

বানাক্ৰান্তলৈ ২০০ কোটি টকাৰ পেকেজ ৰাজ্য চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 8:22 AM GMT

ৰাজ্য চৰকাৰে পাঁচটা ৰাজহ চক্ৰক তথা ১৯ খন বানে প্ৰভাৱিত কৰা জিলালৈ সোমবাৰে বানাক্ৰান্ত লোকসকলৰ কাৰণে ২০.১০ কোটি টকাৰ ঘোষণা কৰে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে তিনিটা পৰ্যায়ত জি আৰ অৰ্থাৎ গ্ৰেচ্যুটী পেকেজ হিছাপে ২৩.৫৩ কোটি টকা প্ৰদান কৰিছিল। বিত্তীয় বৰ্ষ ২০১৯-২০ বৰ্ষত জি.আৰৰ আধাৰত দুৰ্যোগ ব্যৱস্থাপনাৰ আধাৰত ১০০ কোটি টকা আৱন্টিত কৰিছে ।

বিত্তীয় বৰ্ষ ২০১৯ -২০ চনত এচডিআৰএফৰ আৱন্টিত ধনৰ মূল্য হৈছে ৫৫৯ কোটি টকা ৷ য’ত কেন্দ্ৰীয় চৰকাৰৰ অংশও অন্তৰ্ভূক্ত আছে ৷ইয়াৰ মাজতে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২৫২ কোটি টকা এচডিআৰএফৰ প্ৰথম কিস্তী প্ৰদান কৰিব ৷লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৪৮ ঘন্টাৰ ভিতৰত বানত প্ৰাণ ত্যাগ কৰা প্ৰত্যেক গৰাকীলোকক ৪ লাখ টকা দিবৰ কাৰণে নিৰ্দেশ দিয়ে ৷

ইফালে বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীকেইখনৰ ভিতৰত আছে যোৰহাট,শোনিতপুৰ, কামৰূপ,গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ত বুঢ়ী দিহিং,লক্ষীমপুৰত সোৱণশিৰি,গোলাঘাটত ধনশিৰি,শোনিতপুৰত জিয়া ভৰালী,নগাঁৱত কপিলী,কামৰূপত পুঁথিমাৰী,বৰপেটাত বেকী,কাছাৰ আৰু কৰিমগঞ্জত বৰাক,কৰিমগঞ্জত কুশিয়াৰা,হাইকান্দিত কাটাখাল নদী ৷ এনডিআৰএফ আৰু এচডিআৰএফে ৰাজ্যত বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷

ব্ৰহ্মপুত্ৰৰ কাষতে থকা ফেন্সী বজাৰৰ কাষত থকা শংকৰদেৱ আৰু আজান পীৰ উদ্যানখনলৈ বানে শংকাৰ সৃষ্টি কৰিছে ৷ যাৰ কাৰণে অনাগত ১০ দিনৰ কাৰণে কৰ্তৃপক্ষই বন্ধ কৰি দিছে পাৰ্কখন। অন্যহাতে কালীপুৰত বিষ্ণু লক্ষ্মী প্ৰতিমাৰ লগতে লাচিত বৰফুকন প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰৰ পানীত ডুব গৈছে ৷আলফ্ৰেস্কো গ্ৰেণ্ড ৰেষ্টুৰেন্ট কিছুদিনৰ কাৰণে বন্ধ কৰি দিছে কৰ্তৃপক্ষই ৷ লগতে নাওসমূহৰ অহা যোৱাও সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ গতিকে সম্প্ৰতি অনাগত দিনতহে জানিব পৰা হ’ব ব্ৰহ্মপুত্ৰৰ পানীয়ে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে: ৩ মৃত্যু, ২ লাখ লোক বানৰ কৱলত

Next Story
চাকৰি