Begin typing your search above and press return to search.

 কৰ্কট-বৃক্ক-হৃদৰোগীলৈ ২৫,০০০ টকাকৈ সাহায্য অসম চৰকাৰৰ

 কৰ্কট-বৃক্ক-হৃদৰোগীলৈ ২৫,০০০ টকাকৈ সাহায্য অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 April 2020 8:50 AM GMT

কৰ্কট-বৃক্ক-হৃদৰোগীলৈ ২৫,০০০ টকাকৈ সাহায্য অসম চৰকাৰৰ । অসম চৰকাৰে ৰাজ্যৰ প্ৰত্যকগৰাকী কৰ্কট ৰোগীলৈ ২৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে লগতে ক’ৱিড-১৯ ৰ বাবে অসমৰ বাহিৰৰ ৰাজ্যত থকা বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত অসমৰ লোকেও এই সাহায্য লাভ কৰিব । লকডাউনৰ বাবে অসমৰ বাহিৰত চিকিৎসাৰত বহু লোক অসমলৈ আহিব পৰা নাই । দেওবাৰে এক সংবাদমেলত এই কথা সদৰী কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই।

তেওঁ কয় যে কিছুসংখ্যক ৰোগীয়ে ইতিমধ্যে সহায়ৰ বাবে ৰাজ্য চৰকাৰক যোগাযোগ কৰিছে। বৰ্তমান ১৬৬ জন লোক সৰুসজাই ষ্টেডিয়ামত কোৱাৰেন্টাইনত আছে । ৰাজ্যত ৩,০০০ তকৈ অধিক ব্যক্তিৰ ক’ৰ’না পৰীক্ষা কৰা হৈছে। তাৰ ভিতৰত ৩০ জনৰ পজিটিভ ওলাইছে । তদুপৰি ইয়াৰ ভিতৰত হাইলাকান্দিৰ এজন লোকৰ মৃত্যুও হৈছে ।

উল্লেখ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৩৬ জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত । ইয়াৰে ৩০ জন লোক অসমৰ ।

জানিব পৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল ছিকিম আৰু মেঘালয়তহে ওলোৱা নাই ক’ৰ’না পজিটিভ ব্যক্তি।

সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰ’নাই। কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জনলৈ বৃদ্ধি , মাথোঁ ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু। দেশত ক’ৰ’না ভাইৰাছ পজিটিভৰ সংখ্যা বৃদ্ধি হৈ ৮৩৫৬ জন হৈছে ।‌ লগতে যোৱা ২৪ ঘন্টাত এই মহামাৰীত আক্ৰান্ত হৈ ৩৪ জন‌ লোকে মৃত্যুক আঁকোৱালী লয় । বিগত ২৪ ঘন্টাত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৯০৯ জন নতুন ৰোগীৰ তথ্য পোহৰলৈ আহে। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈকে দেশত ২৭৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৭৬১ জন‌ লোক সুস্থ হৈ উঠিছে।‌ স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে এই কথা সদৰী কৰিছে ।‌

অন্য খবৰৰ বাবে পঢ়ক: দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ৮৩৫৬ জন,বিগত ২৪ ঘন্টাত ৩৪ জনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি