ভুল তথ্য আৰু উৰা বাতৰিৰ সন্দৰ্ভত ফেছবুকে লোৱা পদক্ষেপসমূহ

সমস্যাটোৰ গভীৰতাৰ ওপৰত লক্ষ্য ৰাখি ফেচবুকে বহুতো উন্নত প্ৰযুক্তি বিদ্যাৰ সহায় লৈ ঋণাত্মক তথ্য সমুহ ফেচবুকৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিছে ৷
শিৰোনামা মন কৰা
বেছিভাগ ভুল তথ্য বা বাতৰিৰে শিৰোনামা বোৰ বেছিয়ে আকৰ্ষনীয় বা আমোদ জনক হয় যাতে ই সহজে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৷
উৎস পৰীক্ষা কৰা
বাতৰি বা তথ্যটোৰ উৎসুক গুৰুত্বসহকাৰে পৰীক্ষা কৰা ৷
তাৰিখ পৰীক্ষা কৰা
বেছিভাগ ভুল তথ্য বা বাতৰিৰে কোনো নিৰ্দিষ্ট আৰু শুদ্ধ তাৰিখ নাথাকে ৷
মিছা আলোকচিত্ৰ
ভুল তথ্য বা বাতৰিৰ লগত কিছুমান আকৰ্ষনীয় আৰু মিছা আলোকচিত্ৰ থাকে ৷
ফেছবুকে ইতিমধ্যে এই তালিকাখন প্ৰস্তুত কৰিছে ৷আমি সকলোৱে এই খিনি ভালদৰে মানি চলিব লাগে ৷ফেছবুকে এই প্ৰচেষ্টা যোৱা বছৰেই আৰম্ভ কৰিছিল ।বৰ্তমান ফেছবুকত আপুনি সহজেই প্ৰকৃত তথ্য বা বাতৰি বিচাৰি পাব ৷ফেচবুকে আন্তঃৰাষ্ট্ৰীয় খবৰবোৰ পোৱাটো সহায় কৰে ৷ যিহেতু তেওঁলোকে সাধাৰণতে সত্য আৰু প্ৰকৃত বাতৰিহে প্ৰকাাশ কৰে ।মিছা আৰু বিপদ ঘটাব পৰা তথ্যবোৰে বিভিন্ন ধৰণেৰে প্ৰকাশ হয় ।ফেচবুকে এইবোৰ বন্ধ কৰিবলৈ কিছুমান পন্থা হাতত লৈছে ৷
যিবোৰ প’ষ্টে ৰাজনীতিৰ ওপৰত বিৰুপ মন্তব্য আগবঢ়ায়,উগ্ৰপন্থীক সহমত আগবঢ়ায় বা সমাজ বিৰোধী কাৰ্যত উচতনি যোগায়। তেনে পষ্ট’বোৰত ক্লিক কৰিব নালাগে ৷তেনে প’ষ্টবোৰ ভাগ বতৰাও কৰিব নালাগে আৰু সেই প’ষ্টটো বা প’ষ্টদাতাৰ একাউন্ট বা পেইজটো লগালগ ৰিপ’ৰ্ট কৰিব লাগে ৷
কোনো ধৰণৰ ক্লিক বাইটক নিজৰ নিউজ ফিডত আহিবলৈ অনুমতি দিব নালাগে। এনে ক্লিক বাইটৰ সত্যতা নিৰুপন কৰি মিছা হ’লে তাক ভাগ বতৰা নকৰিবলৈহে অনুৰোধ কৰিব লাগে ৷আমি কোনো ব্যক্তিৰ বিষয়ে কোনো ধৰণৰ বিৰুপ বা ঋণাত্মক কথাৰ প্ৰচাৰ কৰিব নালাগে । এইবোৰ হ’ল ভুল তথ্য আৰু উৰা বাতৰি বন্ধ কৰাৰ কিছুমান পন্থা ৷ ফেচবুক আৰু কিছুমান ছ’চিয়েল মিডিয়া এপ্লিকেশ্যনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে ভুল তথ্য আৰু বাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ ৷ আমি পৰীক্ষা কৰি ইয়াৰ সত্যতা নিৰুপন কৰিব লৰগিব ৷ যদিহে তথ্যটো মিছা হয় আমি ইয়াৰ প্ৰচাৰ বন্ধ কৰিব লাগিব বা এনেধৰণে প্ৰচাৰ কৰিব লাগিব যাতে বাকীবোৰ মানুহ সজাগ হয় ৷
অন্য খবৰৰ বাবে পঢ়ক : ভাৰতৰ লোকসভা নিৰ্বাচন: ফেছবুকৰ পদক্ষেপ