ৰাজ্যত মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত ৰান্ধনি আৰু সহায়িকাসকলৰ প্ৰতিক্ৰিয়া

ৰাজ্যত মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত ৰান্ধনি আৰু সহায়িকাসকলৰ প্ৰতিক্ৰিয়া

ৰাজ্যত সম্প্ৰতি মধ্যাহ্ন ভোজনৰ কাৰণে ৰান্ধনি আৰু সহায়িকাসকলৰ প্ৰতিবাদ অব্যাহত আছে ৷ ইফালে,মধ্যাহ্ন ভোজনৰ কাৰণে কৰা প্ৰতিবাদৰ কাৰণে বিশেষকৈ প্ৰভাৱ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত। কাৰণ,অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ আন্দোলনত ব্যস্ত আছে ৷ আনহাতে সাম্প্ৰতিক সময়ত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত হোৱা প্ৰতিবাদৰ বিপৰীতে আছে চৰকাৰৰ বেচৰকাৰী সংষ্ঠা বা এনজিঅ’সমূহক দিয়া সিদ্ধান্ত আৰু অতি নিম্ন মানৰ তথা অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজন । বেচৰকাৰী সংষ্ঠা বা এনজিঅ’সমূহে যোগান ধৰা মধ্যাহ্ন ভোজনত সুখী নহয় বেছি সংখ্যক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল।

দ্বিতীয়তে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনাইছে ৷ আনহাতে কিছুসংখ্যক বেচৰকাৰী সংষ্ঠা বা এনজিঅ’ই ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মধ্যাহ্ন ভোজনৰ যোগান ধৰিছে ৷ যদিও খাব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে ৷ যাৰ কাৰণে সেই খাদ্যসমূহ পথৰ কাষতহে পেলাই দিয়া দৃষ্টিগোচৰ হৈছে ৷

ইফালে এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ শীৰ্ষস্তৰৰ অধিকাৰীয়ে কয় যে মধ্যাহ্ন ভোজনৰ দায়িত্ব এনজিঅ’সমূহক দিয়াৰ প্ৰধান কাৰণ হৈছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষকে যাতে অধিক সময় ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰিব পাৰে ৷কাৰণ মধ্যাহ্ন ভোজনৰ হিচাপত বা অন্য কোনো কামত ব্যস্ত থাকিব লগা হয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ আনহাতে কিছুসংখ্যক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম কৰা অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰে কিছুসংখ্যকৰ ক্ষেত্ৰত এতিয়াও তদন্ত হৈ আছে । মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত সৰ্ব শিক্ষা মিশ্যনৰ পৰিচালক সঞ্চালক শ্যামশেৰ সিঙে কয় যে এটা কথা স্পষ্ট যে জিলা উপায়ুক্ত হ’ল মধ্যাহ্ন ভোজন আঁচনিৰ নোডেল অধিকাৰী। তেওঁক মধ্যাহ্ন ভোজনৰ গুণগত মান,পৰিমাণ আদিৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ যদি মধ্যাহ্ন ভোজনৰ মান নিম্নমানৰ , তেন্তে জিলা উপায়ুক্ত এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল’ব ৷

প্ৰত্যেকজন জিলা উপায়ুক্ত মধ্যাহ্ন ভোজনৰ মান,পৰিমাণ যাতে উন্নত হয় সেই সম্পৰ্কে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ এটা টীম তৈয়াৰ কৰিবলৈ আহ্বান কৰে ৷ সিঙে লগতে কয় যে ৰান্ধনি আৰু সহায়িকাসকল চৰকাৰী কৰ্মচাৰী নহয়। অৱশ্য তেওঁলোকে মধ্যাহ্ন ভোজন ৰন্ধাৰ নামত পাৰিশ্ৰমিক লাভ কৰে ৷ বেচৰকাৰী সংস্থাসমূহে মধ্যাহ্ন ভোজন যোগান ধৰাৰ পিছৰে পৰা ৰান্ধনি সহায়িকাসকলৰ অনুভৱ হৈছে তেওঁলোক চাকৰিৰ পৰা বঞ্চিত হ’ব৷

ইফালে উত্তৰ গুৱাহাটী এটি এনজিঅ’ই ১০০ ৰো অধিক বিদ্যালয়ত যোগান ধৰা মধ্যাহ্ন ভোজন বিগত বৰ্ষৰ পৰা কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ চলি আছে ৷ইফালে কিছু সংখ্যক ৰান্ধনিৰ অভিযোগ যে এনজিঅ’সমূহে মধ্যাহ্ন ভোজন যোগান ধৰিব লাগে কাৰণে সেয়ে তেওঁলোকে পুৱতি নিশাৰ পৰা মধ্যাহ্ন ভোজন ৰন্ধাত ব্যস্ত হৈ পৰে । আৰু এনেধৰণৰ ভোজন বিদ্যালয়ত পাওঁতে বা ছাত্ৰ ছাত্ৰীসকলে খাওঁতে ঠাণ্ডা হৈ যায়। কিন্তু আমি বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে খাদ্য ৰান্ধো ৷ তেতিয়া ছাত্ৰ ছাত্ৰীসকলে গৰম খাদ্য লাভ কৰে। এই মন্তব্য এগৰাকী ৰান্ধনিৰ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Muslim Chatra Sanstha lodged FIR against BJP Leader Satya Ranjan Bora in Sonitpur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com