গুৱাহাটী মহানগৰীত দীপাৱলীৰ সজাগতা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন

গুৱাহাটী মহানগৰীত দীপাৱলীৰ সজাগতা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন । ৰুৰেল অ'মেন আপ্লিফমেন্ট এচোছিয়েশ্যন অব অসম নামৰ সংস্থাটোয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দীপাৱলী সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এক বাটৰ নাট প্ৰদৰ্শন কৰে। চহৰৰ বিভিন্ন স্থান যেনে ছুপাৰ মাৰ্কেট , ছয় মাইল , বেলতলা বজাৰ , শিলপুখুৰি বজাৰ আদি এই বাটৰ নাট প্ৰদৰ্শন কৰে ।
এই বাটৰ নাটত " হৰিৎ দেৱালী, স্বচ্ছ দেৱালী উদযাপন কৰা হয় । এই " হৰিৎ দেৱালী স্বচ্ছ দেৱালী " প্ৰযোজিত কৰে MoFF আৰু CC য়ে । বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে সংস্থাটোৱে সমাজৰ মাজত দীপাৱলী সম্পৰ্কত সজাগতা বৃদ্ধি কৰিব বিচাৰে । বাটৰ নাট প্ৰদৰ্শনৰ দ্বাৰা সমাজত দেৱালীৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন ফটকা তথা আটছবাজীয়ে সৃষ্টি কৰা প্রদূষনে শিশু তথা জনসাধাৰণৰ স্বাস্থ্য ক্ষতি কৰাৰ সম্পৰ্কত এই সজাগতা অভিযান চলাই সংস্থাটোৱে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিদ্যালয় , নেৰিম , ডাইনটাইন ইউনিভাৰচিটিৰ মুঠ ২০ জন ছাত্ৰ-ছাত্ৰীয়ে মিলি এই বাটৰ নাট প্ৰদৰ্শন কৰে বুলি সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰিছে। এই বাটৰ নাট খনৰ নিৰ্দেশনা কৰে আৰ ডব্লিউ ইউ এ এ ৰ কাৰ্যকৰী নিৰ্দেশক ডা° চাইমন বৰদলৈয়ে । বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি বিষয়ক পত্রিকাও বিতৰণ কৰে সংস্থাটোৱে ।
সংস্হাটোৱে জনসাধাৰণক মাটিৰ চাকি ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় । এই বাটৰ নাটৰ সামৰনি কৰে সেজজীয়া আৰু সুস্থ দেৱালী পালনৰ প্ৰতিজ্ঞাৰে । লগতে সংস্থাটোৱে আশা কৰে যে সমগ্ৰ চহৰ খনে " হৰিৎ আৰু স্বস্থ্য দেৱালী " পালন কৰিব ।
Also Read: তেৰ দিন ধৰি বিদ্যুৎ কৰ্তন ৰাঙলুবস্তিত , অন্ধকাৰত দিন কটাইছে ৰাইজে
Also Watch: SMSS formed Human Chain to protest against ‘Citizenship Amendment Bill’ across Assam