কা- ৰ বিৰোধিতা কৰি ৰং- তুলিকাৰে শিল্পী সমাজৰ প্ৰতিবাদ লতাশিলত

কা- ৰ বিৰোধিতা কৰি ৰং- তুলিকাৰে শিল্পী সমাজৰ প্ৰতিবাদ লতাশিলত

কা- ৰ বিৰোধিতা কৰি ৰং- তুলিকাৰে শিল্পী সমাজৰ প্ৰতিবাদ লতাশিলত । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই ওলাই আহিল শিল্পী সমাজ।এইবাৰ চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কবি সকলে প্ৰতিবাদ মুখৰ কৰিলে গুৱাহাটী অৱস্থিত লতাশিল খেলপথাৰ। বুধবাৰে লতাশিলত চিত্ৰ শিল্পী ,শব্দ শিল্পী,ভাস্কৰ্য শিল্পী সকলে ৰং তুলিকা,কবিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।

চিত্ৰশিল্পী সকলে কেনভাছ,কবি সকলে বিপ্লৱী কবিতাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।‌ শিল্প ও প্ৰতিবাদৰ এক ৰূপ হ'ব পাৰে, এই কথা প্ৰমান কৰিলে অসমৰ শিল্পী সমাজে। বিশিষ্ট ভাস্কৰ্য শিল্পী বিৰেণ সিংহই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনত শ্বহীদ হোৱা দীপাঞ্জল দাসৰ প্ৰতিমূৰ্তি নিৰ্মান কৰে । আনহাতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈয়ে কেনভাছত জনতাক ঘোঁৰাৰ ৰূপত অংকন কৰি এই আইন খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আন এজন‌ চিত্ৰশিল্পীয়ে কা- বিৰোধী শ্লোগাশৰে চিত্ৰ অংকিত কৰে । বিশিষ্ট কবি-আবৃত্তিকাৰ ড° অমৰজ্যোতি চৌধুৰী, কবি নীলিমা ঠাকুৰীয়া হক, ছয়নিকা শৰ্মা, পংকজ গোবিন্দ মেধী, ভাস্কৰ জ্যোতি বৰা আদি বহুতে এই আইন খনৰ বিৰুদ্ধে বিপ্লৱী কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ স্থলীৰ উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে ৰাজ্যৰ শিল্পী সমাজে ৰং তুলিকাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে । শিল্পী, সাহিত্যিক সকলে ৰং তুলিকা,গীত নাটৰ মাধ্যমেৰে আন্দোলন গঢ়ি তুলিছে। খ্ৰীষ্টমাছৰ প্ৰাৰ্থনাৰ পিছত সকলো শিল্পী ,কবি সকলে ব্যতিক্ৰমী ৰূপত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।‌লগতে তেওঁ কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে ৩১ ডিচেম্বৰ দিনটো কলা দিৱস হিচাপে পালন কৰিব ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে এতিয়া ছ'চিয়েল মিডিয়াৰ যুদ্ধ আৰম্ভ হৈছে । কোনোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছ'চিয়েল মিডিয়াৰ একাউণ্ট অনুসৰণ কৰিব নালাগে। এনেধৰণৰ পদক্ষেপে তেওঁলোকৰ পৰিসৰ কমাব ।এনে বিদ্ৰোহ কেৱল ইউৰোপত দেখা গৈছে।

এই প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট ব্যক্তি ৰত্ন ওজাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে "আমি আশা কৰো যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ যুদ্ধত আমি বিজয় হম"।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com