Begin typing your search above and press return to search.

আৰ্থিকভাৱে পিছ পৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ষ্টুডেন্ট ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰতিক্ৰিয়া

আৰ্থিকভাৱে পিছ পৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত  ষ্টুডেন্ট ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 8:24 AM GMT

ষ্টুডেন্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কাহিলীপাৰাৰ উচ্চ শিক্ষা কাৰ্যালয়ৰ চৌপাশত এক ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ৷ আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আৰ্থিকভাৱে পিছ পৰা লোকসকলক সহায় কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰে আৰু শিক্ষা বিষয়াৰ কাৰ্যালয়ত তেওঁলোকৰ দাবীসমূহ পুৰণ কৰিবৰ কাৰণে আহ্বান কৰে ৷

লগতে আৰ্থিকভাৱে পিছপৰা লোকসকলক বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ আহ্বান কৰে। ইফালে ছয়গাঁৱৰ দুগৰাকী শিক্ষাৰ্থী উপাসনা দাস আৰু চন্দন দাসক পুনৰ ল’বলৈ আহ্বান কৰে ৷ অন্যহাতে ফেডাৰেশ্যনৰ সচিব নিৰংকুশ নাথ আৰু সভাপতি কাশ্যপ চৌধুৰীয়ে এক সংবাদ বিবৃত্তি যোগে কয় যে ষান্মাষিক পদ্ধতিৰ গ্ৰহণ যোগ্য নহয় ৷

আৰ্থিক ভৱে পিছ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত যদি বেক লগা পেপাৰত পুনৰ পৰীক্ষাৰ মাচুল দিবৰ নোৱাৰিলে, তেওঁলোক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় । যদি কোনো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় দুই লাখতকৈ কম হয় কিন্তু তেওঁলোকৰ পিতৃ মাতৃ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী ,তেন্তে তেনে ছাত্ৰ ছাত্ৰীয়ে বিত্তীয় সহায়তা লাভ নকৰে। উল্লেখ্য যে ফেডাৰেশ্যনে দুখন পত্ৰৰ জৰিয়তে দাবীসমূহ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Next Story
চাকৰি