Begin typing your search above and press return to search.

বিহাৰত কৰমুক্তকৈ প্ৰদৰ্শন ছুপাৰ ৩০ ছবি:নীতিশ কুমাৰক ধন্যবাদ ঋতিক ৰোশনৰ

বিহাৰত কৰমুক্তকৈ প্ৰদৰ্শন ছুপাৰ ৩০ ছবি:নীতিশ কুমাৰক ধন্যবাদ ঋতিক ৰোশনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 1:10 PM GMT

বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ ছুপাৰহিট ছবি ছুপাৰ ৩০ ছবি খন সম্প্ৰতি বিহাৰত টেক্স ফ্ৰী অৰ্থাৎ কৰমুক্তকৈ দেখুওৱা হৈছে ৷ইয়াৰ পিছতেই ঋতিক ৰোশনে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী সুশীল কুমাৰক ধন্যবাদ জ্ঞাপন কৰে ৷লগতে ঋতিক ৰোশনে টুইটাৰ যোগে আনন্দ কুমাৰৰ টুইটক পুনৰ টুইট কৰি লিখে যে ধন্যবাদ আনন্দ ছাৰ ৷গতিকে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্য মন্ত্ৰী সুশীল কুমাৰক ধন্যবাদ যায়।

https://twitter.com/iHrithik/status/1150814157043904512

আনন্দ কুমাৰ টুইটৰ মতে ছুপাৰ ৩০ কৰবিহীন কৰা কাৰণে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ধন্যবাদ ৷কাৰণ ইয়াৰ দ্বাৰা বহু লোকি ছবিখন ছোৱাৰ সুযোগ লাভ কৰিব ৷বিকাশ বহলৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ঋতিক ৰোশনে আনন্দ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে বক্স অফিচত সম্প্ৰতি ধুমুহাৰ সৃষ্টি কৰিছে।

ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শৰ মতে শুক্ৰবাৰে ছবিখনে ১১.৮৩ কোটি,শনিবাৰে ১৮.১৯ কোটি,দেওবাৰে ২০.৭৪ কোটি টকা উপাৰ্জন কৰাৰ পিছত সোমবাৰে ছবিখনে ৬.৯২ কোটি টকা উপাৰ্জন কৰিছে ৷

ছবিখনত ঋতিক ৰোশনে পাটনাৰ এগৰাকে গণিতৰ শিক্ষকৰ ৰূপত অভিনয় কৰিছে ৷ আৰু ছবিখনত ঋত্বিকে আৰ্থিক ভাৱে পিছ পৰা লোকসকলৰ সন্তানক পঢ়াই। ইফালে ছুপাৰ ৩০ ছবিখনৰ ট্ৰেইলৰ মুক্তিৰ লগে লগে ছবিখনে আদৰ লাভ কৰে দৰ্শকসকলৰ পৰা ৷

ছবিখনত ঋতিক ৰোশনৰ উপৰিও পংকজ ত্ৰিপাঠী,মুনাল ঠাকুৰ,নন্দিশ সিং,অমিত সাধৰ লগতে বহু ন পুৰণি শিল্পী উপস্থিত আছে ।ছবিখন চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পাব লগা কথা আছিল ৷ কিন্তু ছবিখনৰ পৰিচালক বিকাশ বহলৰ ওপৰত মী টুৰ আৰোপ লগোৱাৰ পিছতে ছবিখনৰ মুক্তি হোৱাৰ দিন পৰিৱৰ্তন হয় ।

অধিক খবৰৰ বাবে পঢ়ক: মুকলি হ’ল ৱাৰ ছবিৰ টিজৰ: বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ বিৰুদ্ধে ঋতিক ৰোশনৰ সংগ্ৰাম

Next Story
চাকৰি