মুকলি হ’ল ৱাৰ ছবিৰ টিজৰ: বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ বিৰুদ্ধে ঋতিক ৰোশনৰ সংগ্ৰাম

মুকলি হ’ল ৱাৰ ছবিৰ টিজৰ: বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ বিৰুদ্ধে ঋতিক ৰোশনৰ সংগ্ৰাম

বলীউডৰ অভিনেতা ঋতিক ৰোশন আৰু টাইগাৰ শ্ৰফৰ অনাগত ছবি "ৱাৰ"ৰ টিজাৰ ইতিমধ্যে মুকলি হৈছে ৷ যুদ্ধৰ সৈতে সম্পৰ্ক থকা ছবিখনৰ টিজাৰটোক লৈ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।সিদ্ধাৰ্থ আনন্দৰ ছবি খনত লৈ বহু আশা বাদী ছবিখনৰ কলা কুশলীসকল৷ঋতিক ৰোশন আৰু টাইগাৰ শ্ৰফৰ ৱাৰ ছবিখনৰ টিজাৰটোত বাইক,বন্দুক আদিৰ সমাবেশ দেখা গৈছে ৷

https://twitter.com/yrf/status/1150636082742071297

লগতে টাইগাৰ আৰু ঋতিক ৰোশনে বৰফত এজনে আনজনৰ লগত কৰা যুদ্ধ,এই সকলোবোৰেই অনুৰাগীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে ৷ ছবিখনত অভিনেত্ৰী হিছাপে অভিনয় কৰিছে বানী কাপুৰে ৷ বানী বিকিনী পৰিধান কৰা দেখা গৈছে ছবিখনত ৷ ইফালে ছবিখনৰ টিজাৰটোত যশৰাজ ফিল্ম প্ৰডাকশ্যনে কোনো ধৰণৰ সৰ্বাধিক তথ্য দিয়া নাই ৷

ৱাৰ ছবিখনৰ সন্দৰ্ভত পৰিচালকে কয় যে ছবিখনত দুয়োগৰাকী অভিনেতাকে সমানে অতি সুক্ষ্মভাৱে উপস্থাপন কৰা হৈছে।ইফালে ঋতিক ৰোশনৰ ছবি চুপাৰ ৩০ য়ে সম্প্ৰতি বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ছবিখনত ঋতিক ৰোশনে পাটনাৰ এগৰাকে গণিতৰ শিক্ষকৰ ৰূপত অভিনয় কৰিছে ৷ আৰু ছবিখনত ঋত্বিকে আৰ্থিক ভাৱে পিছ পৰা লোকসকলৰ সন্তানক পঢ়াই।

কিছুসংখ্যকে নিজৰ প্ৰিয় অভিনেতাগৰাকীক পৰ্দাত প্ৰত্যক্ষ কৰিবলৈ উৎসুকতা প্ৰদান কৰাৰ লগতে আন কিছুমানে ট্ৰ’ল কৰিছে অভিনেতাগৰাকীক ৷অন্যহাতে সঁচা কাহিনীৰ ওপৰত আধাৰিত ছবিখনৰ মূল নায়কজন হৈছে গণিতৰ যাদুগৰ আনন্দ কুমাৰ।

ছবিখনত ঋতিক ৰোশনৰ উপৰিও পংকজ ত্ৰিপাঠী,মুনাল ঠাকুৰ,নন্দিশ সিং,অমিত সাধৰ লগতে বহু ন পুৰণি শিল্পী উপস্থিত আছে ।ছবিখন চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পাব লগা কথা আছিল ৷ কিন্তু ছবিখনৰ পৰিচালক বিকাশ বহলৰ ওপৰত মী টুৰ আৰোপ লগোৱাৰ পিছতে ছবিখনৰ মুক্তি হোৱাৰ দিন পৰিৱৰ্তন হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com