Begin typing your search above and press return to search.

পশু আইনৰ সন্দৰ্ভত কেন্দ্ৰলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ

পশু আইনৰ সন্দৰ্ভত কেন্দ্ৰলৈ জাননী  প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 9:15 AM GMT

সৰ্বোচ্চ ন্যায়ালয়ে "পশু নিষ্ঠুৰতা প্ৰতিৰোধ আইন "ৰ সন্দৰ্ভত কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰিছে । পূৰ্বৰ আইন মতে, যেতিয়া পশুৰ গৰাকীক দোষী সাব্যস্ত কৰা হয় , তাৰ পাছত হে পশুৰ দায়িত্ব লব পাৰি ।

ন্যায়াধীশ এচ এ বব্দ আৰু বি আৰ গাভাইৰ বিচাৰপীঠে এই আবেদনৰ সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ প্ৰকাশ কৰে। ন্যায়ালয়ে জন স্বাৰ্থ জনিত এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই জাননী প্ৰেৰণ কৰে। বাফেল' ট্ৰেডাৰ বেলফেয়াৰ এচচিয়েছন( Buffalo traders welfare association) নামৰ এটা সংস্থাৰ সম্পাদক মহম্মদ আকিল কুৰেছিয়ে পশু সুৰক্ষাৰ ক্ষেত্ৰত এক জন স্বাৰ্থ জনিত আবেদন দাখিল কৰিছিল ।

সংগঠনৰ ফালৰ পৰা অধিবক্তা সনোবৰ আলী কুৰেছিয়ে ন্যায়ালয়ক পশু নিষ্ঠুৰতা প্ৰতিৰোধ আইন , ২০১৭ কিছু সংশোধন কৰিবলৈ অনুৰোধ কৰে । ২০১৭ চনৰ ২৩ মেত কেন্দ্ৰৰ বিজ্ঞাপন মতে কিছু সংশোধন কৰা হৈছিল ।

এই আবেদন খনত আবেদনকাৰীয়ে এই সংশোধনি আইন খনৰ ১৯৬০ ৰ পশু নিষ্ঠুৰতা প্ৰতিৰোধ আইন ২৯ আৰু ৩৫ খণ্ড অসংবিধানক বুলি উল্লেখ কৰিছিল ।

আবেদনকাৰী বিশেষকৈ ৩, ৫, ৮, আৰু ৯ নম্বৰ নিয়মক প্ৰত্যাহবান জনাই ।এই নিয়ম সমূহে পশুক গৌচালা, পিনজ্ৰপোল , দুৰ্ঘটনাজনিত পশু আদিৰ লগতে যদি মালিক দোষী সাব্যস্ত হোৱাৰ পাছতো পশুক মুকলি কৰি দিয়া নহয় আদিৰ অনুমতি প্ৰদান কৰিছিল । এই নিয়ম সমূহৰ প্ৰত্যাহবান জনাই আবেদন কৰা হৈছিল ।

অধিবক্তা গৰাকীয়ে কয় যে, নিষিদ্ধ আইন, সৰবৰাহ আৰু ব্যবসায়িক আৰু খেতিয়ক সকলে সামাজিক উপাদানৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক:অযোধ্যা বিবাদ: মধ্যস্থতাকাৰীক ১৫ আগষ্টলৈকে সময়সীমা উচ্চতম ন্যায়ালয়ৰ

Next Story
চাকৰি