Begin typing your search above and press return to search.

পঞ্চভূতত বিলীন সুষমা স্বৰাজ: জীয়াৰী বাঞ্চুৰী স্বৰাজে কৰিলে মুখাগ্নী

পঞ্চভূতত বিলীন সুষমা স্বৰাজ: জীয়াৰী বাঞ্চুৰী স্বৰাজে কৰিলে মুখাগ্নী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2019 1:55 PM GMT

পঞ্চভূতত বিলীন সুষমা স্বৰাজ । লোধি ৰোড শৱদাহ গৃহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত সুষমা স্বৰাজৰ মুখাগ্নি কৰে জীয়ৰী বাঞ্চুৰী স্বৰাজে। হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিতিত শেষকৃত সম্পন্ন ।বিজেপিৰ কাৰ্যালয়ত দলীয় নেতা–কৰ্মী তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাই সুষমা স্বৰাজক।

মংগলবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ সুষমা স্বৰাজৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুষমা স্বৰাজ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ। । জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাক লৈ মৃত্যুৰ ৩ ঘণ্টা পূৰ্বে টুইট কৰিছিল সুষমা স্বৰাজে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত মন্ত্ৰীপদ ল’বলৈ অস্বীকাৰ কৰিছিল সুষমা স্বৰাজে।

১৯৫৩ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল সুষমা স্বৰাজে। মৃত্যুৰ সময়ত স্বামী আৰু জীয়াৰীক এৰি থৈ যায় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিজেপিৰ অন্যতম শক্তিশালী নেত্ৰী আছিল সুষমা স্বৰাজ। ইন্দিৰা গান্ধীৰ পিছত বিদেশ মন্ত্ৰণালয়ৰ দায়িত্ব লোৱা ভাৰত বৰ্ষৰ দ্বিতীয়গৰাকী মহিলা ৰাজনীতিবিদ আছিল সুষমা স্বৰাজ।

১৯৯০ চনত সুষমা স্বৰাজ প্ৰথম বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেইদৰে ১৯৯৬ চনত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছিল সুষমা স্বৰাজ। অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনতো কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত আছিল বিজেপিৰ নেত্ৰীগৰাকী। ১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বতো আছিল সুষমা স্বৰাজ। ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপেও কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল সুষমা স্বৰাজে। মনমোহন সিঙৰ শেষৰটো কাৰ্যকালত সুষমা স্বৰাজ লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্বতো আছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুষমা স্বৰাজ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ। কিন্তু মৃত্যুৰ চাৰি ঘণ্টাৰ পূৰ্বে সুষমা স্বৰাজে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কৰিছিল টুইট। কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া যি সিদ্ধান্ত আছিল, সেই সিদ্ধন্তক আদৰণী জনাই টুইট কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সুষমা স্বৰাজৰ মৃত্যু ভাৰতৰ বাবে এক বৃহৎ ক্ষতি । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, অমিত শ্বাহ, মায়াবতী, মুলায়ম সিঙ, ছুনিয়া গান্ধীয়ে শোক প্ৰকাশ কৰিছে।জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাক লৈ মৃত্যুৰ ৩ ঘণ্টা পূৰ্বে টুইট কৰিছিল সুষমা স্বৰাজে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত মন্ত্ৰীপদ ল’বলৈ অস্বীকাৰ কৰিছিল সুষমা স্বৰাজে।

অধিক খবৰৰ বাবে পঢ়ক : প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান: দেশী বিদেশী গুনমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি

Next Story
চাকৰি