Begin typing your search above and press return to search.

সুতাৰকান্দিৰ ভূমি কেলেংকাৰিঃ আৰক্ষীৰ জিম্মাত প্ৰাক্তন উপায়ুক্তঃ অন্যান্য পলাতক

সুতাৰকান্দিৰ ভূমি কেলেংকাৰিঃ আৰক্ষীৰ জিম্মাত প্ৰাক্তন উপায়ুক্তঃ অন্যান্য পলাতক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2019 9:08 AM GMT

ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত লেণ্ড পোৰ্ট নিৰ্মাণৰ বাবে ভূমি ক্ৰয় কেলংকাৰিৰ অভিযুক্ত তথা প্ৰাক্তন উপায়ু্ক্ত প্ৰদীপ কুমাৰ তালুকদাৰক দেওবাৰে কৰিমগঞ্জ আৰক্ষীয়ে গুৱাহাটীৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। তেওঁৰ বিৰুদ্ধে ২১ টাকৈ গোচৰ ৰজু হৈছিল ৷

তাৰে ২০ টাৰ অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লৈ আহিলেও এটা গোচৰ থাকি যোৱাত তেওঁক গ্ৰেপ্তাৰ কৰে। ইফালে এই ঘটনা সন্দৰ্ভত অভিযুক্ত প্ৰাক্তন এডিচি তথা কছাৰ জিলাৰ জিলা বিকাশ উপায়ুক্ত নৱাৰুণ ভট্টাচাৰ্য সম্প্ৰতি পলাতক ৷ এই সন্দৰ্ভত কৰীমগঞ্জৰ এচ পি মনোবেন্দ্ৰ দেৱ ৰায়ে কয় যে এই ক্ষেত্ৰত অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

আনহাতে ভূমি কেলংকাৰীত মাষ্টাৰ মাইণ্ড আব্দুল আহেড জৰিত হৈ আছে ৷ আব্দুল বহু কেইটা অভিযোগত অভিযুক্ত ৷ যিয়ে এই দুৰ্নীতিৰ বিষয়ে সকলো তথ্য জানিছিল। উল্লেখ্য যে প্ৰাক্তন চাৰ্কোল অধিকাৰী হোমেন বৰগোহাঞিক তিনি মাহ পূৰ্বতে দেৰগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছিল ৷লগতে মিহিৰ মালাকাৰ আৰু প্ৰাণজিত নাথকো গ্ৰেপ্তাৰ কৰা হৈছিল ।

ইফালে কৰিমগঞ্জ জিলাৰ প্ৰাক্তন উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰক শনিবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লেণ্ড পৰ্ট অথৰিটী অট ইণ্ডিয়াৰ কেছ নম্বৰ ৭৫৬/১৯ ইউ/এছ ১২০ (বি)/৪২০/৪৬৮/৪৭১/৪০৯ আই পি চিসহ আৰু ১৯ টা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰ তালুকদাৰক।

উল্লেখ্য যে ভূমি ক্ৰয়ৰ সন্দৰ্ভত কৰা কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ কুমাৰ তালুকদাৰক। ইফালে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৯ জুলাইত প্ৰদীপ কুমাৰ তালুকদাৰক নিলম্বণ কৰা হৈছিল ৷ আনহাতে লেণ্ড প’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াই সূতাৰকান্দিত নিৰ্মাণ কৰা চেক গেটৰ ভূমি অধিগ্ৰহণৰ বাবদ চৰকাৰী ধন কেন্দ্ৰই কৰিমগঞ্জ জিলা প্ৰশাসনক ২০১৮ চনতেই মোকলাই দিছিল ।কিন্তু তদানীন্তন জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰে দালালৰ সহিতে কোটি কোটি টকা হস্তগত কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ পূব সম্প্ৰতি বিকাশৰ পথতঃ গৃহমন্ত্ৰী অমৃত শ্বাহ

ভিডিঅ প্ৰতক্ষ্য কৰক:OIL celebrates 60th Annual General Meeting in Duliajan | The Sentinel News

Next Story
চাকৰি