কোকৰাঝাৰত অনুষ্ঠিত হয় " স্বচ্ছতা হি সেৱা " অনুষ্ঠান

কোকৰাঝাৰত অনুষ্ঠিত হয় " স্বচ্ছতা হি সেৱা " অনুষ্ঠান

কোকৰাঝাৰত অনুষ্ঠিত হয় স্বচ্ছতা হি সেৱা অনুষ্ঠান। সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰটো আয়োজন কৰা হয় স্বচ্ছতা হি সেৱা শীৰ্ষক অনুষ্ঠানটি । জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই মহাত্মা গান্ধীৰ ছবিত মালা অৰ্পন কৰে ।

মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো আয়োজন কৰে বেচিক ট্ৰেইনিং চেণ্টাৰ অডিটৰিয়াম হলত কোকৰাঝাৰ নগৰপালিকা বোৰ্ড ( kokrajhar municipal board ) এ। তাৰোপৰি এই সভাত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই মুকলি কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰিম প্ৰজেক্ট " আংগিকাৰ আঁচনি" । তাৰপিছত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই ছাফাই অভিযানত অংশগ্ৰহণ কৰে আৰু প্লাষ্টিকৰ বেগ সমূহ সংগ্ৰহ কৰে । লগতে ঠাইখনৰ ব্যৱসায়ি আৰু দোকীনী সকলক কোকৰাঝাৰ জিলা খনক প্লাষ্টিকৰ সামগ্ৰী তথা মুক্ত কৰি ৰখাৰ বাবে সহযোগ কৰিবলৈ কয় ।

মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই সাংবাদিক সকলৰ জৰিয়তে কোকৰাঝাৰ জিলাৰ সকলো ব্যক্তিকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ " স্বচ্ছ ভাৰত অভিযান " ৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ বাবে কোকৰাঝাৰ জিলাৰ ছাফাই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ।

লগতে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই কয় যে এক স্বাস্থ্য সন্মত পৰিবেশৰ আমাৰ চৌপাশ চাফ চিকুনকৈ ৰখাটো অতি প্ৰয়োজনীয় । তাৰোপৰি মন্ত্ৰী গৰাকীয়ে পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে জনতাক প্লাষ্টিকৰ সামগ্ৰী আৰু প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব কয় । মন্ত্ৰী গৰাকীয়ে লগতে ব্যৱসায়ী আৰু দোকানী সকলক প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব কয় ।

এই অনুষ্ঠানটোৰ অধ্যক্ষতা কৰে কোকৰাঝাৰ নগৰপালিকা বোৰ্ড ( kokrajhar municipal board ) ৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰিয়ে । লগতে সভাখন সম্বোধিত কৰে বি টি চি ই এম ( B T C , EM )ধনেশ্বৰ গোৱাৰি আৰু আন ব্যক্তি সকলে ।

তাৰোপৰি কোকৰাঝাৰ জিলা প্ৰশাসনে ও স্বচ্ছতা হি সেৱা শীৰ্ষক অনুষ্ঠানটি পালন কৰে । এই কাৰ্যসূচী জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ , অতিৰিক্ত জিলা উপায়ুক্ত দেৱজিৎ বৰা আৰু আন কাৰ্যকৰ্তা সকলৰ উপস্থিতত পালন কৰা হয়।

কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে জনসাধাৰণক প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব কয় ।

ইয়াৰোপৰি মাৰোৱাৰী যুৱ মঞ্চ ও স্বচ্ছতা হি সেৱা শীৰ্ষক অনুষ্ঠানটি পালন কৰে। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বি টি চি ই এম ধনেশ্বৰ গোৱাৰি, কোকৰাঝাৰ জিলাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু মঞ্চৰ আন নেতা কৰ্মী সকল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com