Begin typing your search above and press return to search.

অন্ত পৰিল কংগনা ৰানাউট আৰু স্বৰা ভাস্কৰৰ মাজৰ মনোমালিন্য

অন্ত পৰিল কংগনা ৰানাউট আৰু স্বৰা ভাস্কৰৰ মাজৰ মনোমালিন্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2019 11:55 AM GMT

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু অভিনেত্ৰী কংগনা ৰানাউটৰ মাজৰ মনোমালিন্য সম্প্ৰতি অন্ত পৰিল বুলি প্ৰকাশ কৰিছে এক বিশেষ সূত্ৰই। দুয়োগৰাকী অভিনেত্ৰীয়ে তনু ৱেডছ মনু ছবিত একেলগে অভিনয় কৰিছিল ৷ কিন্তু কংগনা আৰু স্বৰাৰ মাজত থকা মনোমালিন্যৰ সন্দৰ্ভত ছবি নিৰ্দেশক আনন্দ এল ৰায়ে প্ৰায়ে এই তথ্যক অস্বীকাৰ কৰে যদিও দুয়োগৰাকী অভিনেত্ৰীক কেতিয়াও একেলগে দেখা নাই ৷

সম্প্ৰতি কংগনা ৰানাউটৰ ছবি জজমেন্টেল হ্যে কিয়া ছবিৰ স্কীণিঙত স্বৰা ভাস্কৰ উপস্থিত হোৱাৰ লগে লগে সকলোৰে মাজত চৰ্চা লাভ কৰিছে। লগতে দুয়োগৰাকীৰ মাজত যে কোনো মনোমালিন্য নাই সেই কথা প্ৰকাশ পাইছে ৷ ইফালে জাজমেন্টেল হ্যে ক্যিয়া স্কীনিঙত কংগনাই নিজৰ প্ৰিয় বন্ধু বান্ধৱীসকলক নিমন্ত্ৰণ জনাই ৷সেয়েহে বলীউডৰ ৰিয়া কাপুৰ,ৰাধিকা মদন,জাহ্নৱী কাপুৰ আৰু স্বৰা ভাস্কৰৰ লগতে অন্যান্য অভিনেতা অভিনেত্ৰীসকল উপস্থিত থাকে।

উল্লেখ্য যে,জজমেন্টেল হ্যে কিয়া নামৰ ছবিখনৰ এটি গীতৰ লন্স কৰাৰ অনুষ্ঠানত এজন সংবাদ দাতাৰ ওপৰত টিঙিৰি তুলা হৈ পৰে কংগনা ৰানাউট ৷ অনুষ্ঠানটিত কংগনাই পত্ৰকাৰজনক উদ্দেশ্য কৰি কয় যে তুমিতো মোৰ শত্ৰু হৈ গ’লা ৷ বহুত নিম্ন মানদণ্ডৰ কথা লিখি আছা মোৰ বিষয়ে ৷ইমান বেয়া কেনেকৈ ভাবিব পাৰা ৷

কংগনাৰ প্ৰতিক্ৰিয়াৰ পিছতে সংবাদদাতা গৰাকীয়ে কয় যে এনেধৰণৰ অভিযোগ ভাল কথা নহয় ৷তেতিয়া কংগনা ৰানাউটে কয় যে তোমাৰ কাৰণে এনে ধৰণৰ ব্যৱহাৰ উচিত ৷ লগতে মণিকৰ্নিকা ছবিৰ প্ৰসংগৰ কথা উল্লেখ কৰি কংগনাই কয় যে তুমি কৈছিল যে মই এগৰাকী জিংগোষ্টিক মহিলা ৷যিয়ে মনিকৰ্নিকা নিৰ্মাণ কৰিছিল ৷

কংগনা ৰানাউট জজমেন্টেল হ্যে কিয়া ছবিখনৰ এটি গীত লন্স কৰাৰ সময়ত সংবাদ মাধ্যমৰ এজন সংবাদদাতাক কৰা তীক্ষ্ণ বাক্য বানৰ পিছত সম্প্ৰতি সংবাদ সংঘই কংগনাৰ অনুষ্ঠান বয়কট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পিছত বালাজী টেলীফিল্মছৰ স্বত্তাধিকাৰী একতা কাপুৰে সংবাদ মাধ্যমলৈ উদ্দেশ্য কৰি লগতে উক্ত ঘটনাৰ কাৰণে খেদ প্ৰকাশ কৰি এখন পত্ৰ লিখে ৷

একতা কাপুৰে টুইটাৰ যোগে লিখে যে ২০১৯ চনৰ ৭ জুলাইত জজমেন্টেল হ্যে কিয়া ছবিখনৰ গীতৰ প্ৰম্যোশ্যনত সংঘটিত ঘটনাটি দুৰ্ভাগ্য পূৰ্ণ ৷ এই ঘটনাটিয়ে সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে নিৰপেক্ষভাৱে ভাবক। ঘটনাটি আমাৰ ছবি ইভেন্টত সংঘটিত হ’ল৷ গতিকে এগৰাকী পৰিচালক হিছাপে মই ক্ষমা বিছাৰিচো ৷আমাৰ কাৰোবাক আঘাত কৰা উদ্যেশ্য নাছিল ৷ জজমেন্টেল হ্যে কিয়া ছবিখন ২৬ জুলাইত মুক্তি লাভ কৰিব ৷ আমি সংবাদ মাধ্যমক আহ্বান কৰিছোঁ যে এই ঘটনাটোৰ কাৰণে যাতে দলটোৱে কৰা কষ্ট অথলে নাযায় ৷

অন্য খবৰৰ বাবে পঢ়ক: প্ৰত্যেকটো কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও হয়ঃ ঋতিক ৰোশন

Next Story
চাকৰি