Begin typing your search above and press return to search.

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ বলীউডৰ প্ৰতিক্ৰিয়া

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ বলীউডৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2019 1:44 PM GMT

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছত বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে টুইটাৰ যোগে সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰে। লগতে বলীউডৰ অভিনেত্ৰী গৰাকীয়ে নিজৰ মতামত ব্যক্ত কৰিবলৈ ৰঘূপতি ৰাঘৱ ৰাজা ৰাম সবকো সন্মতি দে ভগৱান ভজনৰ দুটা শাৰীও লিখে।

ইয়াৰ লগতে বলীউডৰ আন এজন প্ৰসিদ্ধ অভিনেতা অনুপম খেৰেও টুইটাৰ যোগে সকলোৰে মাজত সম্প্ৰীতিৰ সদ্ভাৱ বৰ্তাই ৰাখিবলৈ কয়। ইফালে অনুপম খেৰৰ টুইটৰ পিছতে লোকসকলৰ অভিযোগ যে তেওঁ চৰকাৰৰ বিৰুদ্ধে কেতিয়াও একো নকয়। আনহাতে বলীউডৰ অভিনেতাসকলৰ দৰে ৰাজনৈতিক নেতা সকলেও অযোধ্যাৰ শুনানি সন্দৰ্ভত টুইটাৰ যোগে নিজৰ মত ব্যক্ত কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা দিয়ে। লগতে এই ৰায়ে ভাৰতক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ।মোৰ বিশ্বাস যে সকলো লোকে ধৈৰ্য্য তথা উদাৰতাৰে এই সিদ্ধান্তক আদৰি ল’ব। মই সকলো লোকক আহ্বান জনাইছো , যাতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখে। এই মন্তব্য ৰাজনাথ সিঙৰ ।

গৃহ মন্ত্ৰী অমিত শ্বাহেও ৰাম মন্দিৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায়। লগতে সকলো লোকৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰিবলৈ আহ্বান কৰে ৷ দীৰ্ঘসময় ধৰি চলি থকা অযোধ্যাৰ বিতৰ্কই আজি শেষ পৰ্যায়ত উপনীত হৈছে ৷মই ভাৰতৰ ন্যায় ব্যৱস্থাক আদৰণি জনাইছো। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্ণয়ে ভাৰতৰ একতা,অখণ্ডতা আৰু মহান সংস্কৃতিক আৰু অধিক শক্তিশালী কৰিব৷ এই মন্তব্য অমিত শ্বাহৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ সন্দৰ্ভত ৰায় দান প্ৰদান কৰিলে ৷ এই ৰায় কোনো এটা পক্ষৰ জয় পৰাজয় হিচাপে ল’ব নালাগে ৷ ৰামভক্তিয়েই হওক বা ৰহিম ভক্তিয়েই হওঁক আমাৰ সকলোৰে কাৰণে ভাৰত ভক্তিৰ ভাবনা উল্লেখ্য৷ দেশ বাসীলৈ মোৰ অনুৰোধ যাতে সকলোৱে শান্তি,সদ্ভাৱ আৰু একতা বৰ্তাই ৰাখে।

অধিক খবৰৰ বাবে পঢ়ক:ছলমান খানৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ এইগৰাকী অভিনেত্ৰী

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Pradesh Congress Committee (APCC) Welcomes Supreme Court Verdict in Ayodhya Dispute Case

Next Story
চাকৰি