ছুইগী এপৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ হোম ডেলিভাৰী , ১২৫ খন ৰাজ্যত আৰম্ভ সেৱা

ছুইগী এপৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ হোম ডেলিভাৰী , ১২৫ খন ৰাজ্যত আৰম্ভ সেৱা
Published on

ছুইগী এপৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ হোম ডেলিভাৰী , ১২৫ খন ৰাজ্যত আৰম্ভ সেৱা । ছুইগী এপৰ জৰিয়তে বিভিন্ন অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ হোম ডেলীভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । লক-ডাউনৰ সময়চোৱাত ইতিমধ্যে দেশৰ ১২৫ খন‌ চহৰত এই সেৱা আৰম্ভ কৰা হৈছে। প্ৰতিষ্ঠানটোৱে খাদ্য ডেলিভৰী এপ নেছনেল ব্ৰেন্ডৰ সৈতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিব ।‌

কোম্পানীয়ে ডেলিভাৰী "জিনী' নামৰ এক হাইপাৰ লোকেল ডেলিভাৰী শীৰ্ষক এক স্থানীয় ভিত্তিত উপলব্ধ সেৱা আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা স্থানীয় দোকানৰ পৰা সামগ্ৰীৰ যোগান ধৰিব ।এই সেৱাত ঔষধো উপলব্ধ হৈছে। বিগত বৰ্ষৰ ছেপ্তেম্বৰত মুকলি হোৱা এই এপটোৰ নাম আছিল 'ছুইগী গো' ।

ছুইগী হিন্দুস্থান ইউনিলিভাৰৰ লিমিটেড, পি এণ্ড জি ইণ্ডিয়া', গোড্ৰেজ কনজিউমাৰৰ প্ৰডাক্ট লিমিটেড, ডাবৰ ইণ্ডিয়া লিমিটেড, মেৰিকো লিমিটেড, বিশাল মেগা মাৰ্ট, আদানী ইউলীমাৰ লিমিটেড, চিপলা লিমিটেডৰ লগত অংশীদাৰত্ব কৰিব ।

এই নতুন সেৱা দুটা কেটেগৰীত হ'ব - 'গ্ৰোচেৰী আৰু জিনি '।

আন এটা খাদ্য ডেলিভাৰী এপ জোমেতোও অন্তৰ্ভুক্ত হ'ব । এই প্ৰতিষ্ঠানে দেশৰ ৮০ খন চহৰত খাদ্য যোগান ধৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com