Begin typing your search above and press return to search.

কৰ্প’ৰেট কৰ হ্ৰাসে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণ দ্ৰুত কৰিব

কৰ্প’ৰেট কৰ হ্ৰাসে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণ দ্ৰুত কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 8:18 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কৰ্প’ৰেট খণ্ডৰ কৰ ৰেহায়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হ’ব। জনতা ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত কৰ্প’ৰেট কৰ হ্ৰাস কৰাৰ ফলত উত্তৰ পূবত বিনিয়োগ বাঢ়িব বুলি কোৱাৰ লগতে উত্তৰ পূবত বিনিযোগ বাঢ়িব বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতা ৰামণক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোনোৱালে ।

লগতে কয় যে ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজো লাভাম্বিত হ’ব। কংগ্ৰেছ চৰকাৰক কটাক্ষ কৰি উত্তৰ পূব বহু ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ কাৰণে পিছ পৰি গৈছিল বুলিও মন্তব্য কৰে সোনোৱালে ৷ ইফালে এডভান্টেজ অসমৰ সন্দৰ্ভে মন্তব্য কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ পাছত অসমত ৮০,০০০ হাজাৰ কোটি টকাৰ ২৪০ খন এমঅ’ইউ স্বাক্ষৰিত হৈছিল । ইয়াৰ পিছত তেল আৰু গেছ খণ্ডত ৪২ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।

ঠিক তেনেদৰে ব্যক্তিগত খণ্ডতো ১০ হাজাৰ কোটি টকা অৰ্থাৎ মুঠতে ৫২ হাজাৰ কোটি টকা অসমত বিনিয়োগ হৈছে বুলি কয় সোনোৱালে । অন্যহাতে সোনোৱালে কয় যে কৰ্প’ৰেট খণ্ডত কৰ হ্ৰাস কৰাৰ ফলত ৰাজ্যত নতুন উদ্যোগ স্থাপন হ’ব। যাতায়ত ব্যৱস্থাটো বিকাশ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সোনোৱালে। গুৱাহাটীৰ পৰা ঢাকালৈ বিমান সেৱা আৰম্ভ হোৱাৰ পাছত বেংককলৈ বিমান সেৱা আৰম্ভ হৈছে ৷

গুৱাহাটী আৰু আছিয়ান দেশ সমূহৰ মাজত দূৰত্বৰ পৰিমাণ সীমিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু বেংককৰ মাজত বিমানেৰে যাব পৰাকৈ প্ৰথম ব্যৱস্থা মুকলি কৰে ৷ন’ক বিমান সেৱাই গুৱাহাটী আৰু বেংকৰ যাত্ৰীসসকলৰ মাজত অহা যোৱা কৰিব পৰাকৈ সেৱা আগবঢ়াই আহিছে।

বিমান সেৱাৰ কৰ্মৰত কৰ্মচাৰীসকলৰ মত অনুসৰি ন’ক বিমান সেৱা সপ্তাহত দুবাৰকৈ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্য স্থানলৈ অহা যোৱা কৰাত সহায় কৰিব ৷ ইয়াৰ কাৰণে ব্যয় হ’ব ৬,৯৯৯ টকা ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এই যাত্ৰা তথা সেৱাৰ আৰম্ভনি বিমান সেৱাৰে বিস্তাৰ নহয় ৷ইয়াত গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ অংশ আছে ৷যিয়ে অসম আৰু থাইলেণ্ডৰ সাংস্কৃতিক সম্বন্ধক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত যাত্ৰাৰ পথ সূচল কৰিব ৷ যোগাযোগ ব্যৱস্থাই সদায়েই বিকাশত সহায় কৰি আহিছে ৷ ভাৰত চৰকাৰে উড়ান আঁচনিৰ অধীনত ছখন দক্ষিণ পূৱ এছিয়াৰ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছে ৷অনাগত দিনত কাঠমাণ্ডু,য়াগুন,হুনাই কুলালা লুমপুৰত যাত্ৰাৰ কাৰণে বিমান সেৱা মুকলি কৰা হ’ব।বিগত বৰ্ষৰ গুৱাহাটীৰ পৰা চিংগাপুৰলৈ বিমান সেৱা আৰম্ভ হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক: ৬৫১ খন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধ আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Special Police Officer Welfare Society demands regularization of their jobs

Next Story
চাকৰি