Begin typing your search above and press return to search.

বিজেপিৰ জনবিৰোধী সিদ্ধান্ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আৰু ডাঙৰ জল বিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ টাইপাৰ

বিজেপিৰ জনবিৰোধী সিদ্ধান্ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আৰু ডাঙৰ জল বিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ টাইপাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 11:17 AM GMT

বিজেপিৰ জনবিৰোধী সিদ্ধান্ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আৰু ডাঙৰ জল বিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ টাইপাৰ । টাই আহোম যুৱ পৰিষদ , অসমে বিতৰ্ক মূলক নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লয়।

বুধবাৰে লক্ষীমপুৰত অনুষ্ঠিত হোৱা এখন সভাত টাইপাৰ কেন্দ্ৰীয় কমিটিয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ।

টাইপাৰ কেন্দ্ৰীয় কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰাৰ দাবী কৰে লগতে বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ‌ও দাবী জনায় । উক্ত সভাতে তেওঁলোকে অসমৰ ছয় টা জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতিকৰন কৰাৰ দাবী কৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত ।

বিশেষকৈ এই সভা খন লক্ষীমপুৰ জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈ ৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই সভা খন বিশেষকৈ তিনিটা মহত্ব পূৰ্ন সমস্যাৰ ওপৰত আলোচনা কৰাৰ বাবে অনুষ্ঠিত হয় ।

লগতে সংকল্প লয় কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা , নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত আৰম্ভ হোৱা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা ।

এই সমস্যাবোৰৰ সন্দৰ্ভত টাইপাৰ কিছুমান গন্য মান্য ব্যক্তি য়ে দ্যা চেন্টিনেলক কয় যে , এই সংগঠনটোৱে তীব্ৰ ভাৱে কেন্দ্ৰীয় চৰকাৰে সাংসদত গৃহীত কৰিব লোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব । টাইপাৰ কাৰ্যকাৰী সভাপতি লোহিত গগৈয়ে সংবাদ দাতাক কয় যে , " আমাৰ স্হিতি স্পষ্ট । আমাৰ সংগঠনৰ সদস্য সকলে কিছু মাহ পূৰ্বে নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত অৰ্ধ নগ্ন প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছিল । আমি কেতিয়াও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নিদিও । এই বিধেয়ক খন গৃহীত কৰাৰ পৰা লগাবলৈ আমি আমাৰ আন্দোলন জাৰি ৰাখিম "।

তাৰোপৰি সংগঠনটোৱে টাই আহোম ক ধৰি ৫ টা জনগোষ্ঠীক জনজাতি কৰনৰ প্ৰদান নকৰাৰ বাবে ক্ষুব্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । টাইপাৰ সভাপতি দিলীপ গগৈয়ে কয় যে , " কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাক জনজাতিকৰন প্ৰদানৰ কথা দিছিল । তেওঁলোকে কেৱল নিৰ্বাচনত জয়ী হোৱাৰ আশাতহে এই কথা দিছিল । বিগত দিনত জনজাতিকৰন প্ৰদান কৰাক লৈ আমি চৰকাৰৰ কোনো বিকাশ মূলক কাৰ্যসূচী দেখা নাই । আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বাৰে বাৰে থলুৱা লোক সকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনাও " ।

অধিক খবৰৰ বাবে পঢ়ক: প্ৰসংগ: উপনিৰ্বাচন: তিনিখন বিধানসভা ক্ষেত্ৰৰ কাৰণে সাম্ভাব্য প্ৰাৰ্থীৰ নাম

ভিডিঅ প্ৰতক্ষ্য কৰক:Three Excise officials die in Sumo-Dumper collision in Golaghat | The Sentinel News | Assam News

Next Story
চাকৰি