Begin typing your search above and press return to search.

চাহ পাতৰ মূল্য নিৰ্ধাৰণ কৰাত বিফল চাহ বৰ্ড

চাহ পাতৰ মূল্য নিৰ্ধাৰণ কৰাত বিফল চাহ বৰ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 4:34 AM GMT

চাহ পাতৰ মূল্য নিৰ্ধাৰণ কৰাত বিফল চাহ বৰ্ড । দিছপুৰে চাহ বাগিচাৰ খেতিয়কসকলক নুন্যতম মূল্য দিয়াৰ আহ্বান কৰিছিল যদিও বিগত এক সপ্তাহত এই ক্ষেত্ৰত ভাৰতীয় চাহ বৰ্ডে কোনো ধৰণৰ ইংগিত পোৱা নাই ।মংগলবাৰে কলকাতাত আয়োজিত চাহ বৰ্ডৰ এখন বৈঠকত এই বিষয়টোৰ সন্দৰ্ভত এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় ।

এই সমিতিখনত চাহ বৰ্ডৰ বিভিন্ন প্ৰতিনিধি সকলে অংশ ল’ব ।চাহ বৰ্ডৰ এক বিশেষ সূত্ৰই কয় যি চাহ উৎপাদনকাৰী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সময় লাগিব। ৰাজ্যৰ সকলো চাহ খেতিয়কৰ কাৰণে চাহৰ নুন্যতম মূল্য নিৰ্ধাৰণ কৰা হ’ব। লগতে চাহ পাতৰ মূল্য নিৰ্ধাৰণ হিতাধিকাৰীসকলৰ পৰামৰ্শ অনুযায়ী কৰা হ’ব।

ইফালে ২০ ছেপ্তেম্বৰত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ উৎপাদনৰ আয় বৃদ্ধি হ’ব ৷ এই ক্ষেত্ৰত এক নূন্যতম মূল্য নিৰ্ধাৰণৰ কৰাত সহমতি দিছিল ভাৰতীয় চাহ বৰ্ডে। চাহৰ সঠিক মূল্য নোপোৱাটো আৰু তেওঁলোকৰ আয় সুৰক্ষা নোহোৱাটো খেতিয়কসকলৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান। আনহাতে তামিল নাডু আৰু কেৰেলাত খেতিয়ক সকলে কেৱল ৯ টকা আৰু ৭ টকা লাভ কৰে। ইয়াক বিপৰীতে অসমত লাভ কৰে ১৪ টকা ৷

অধিক খবৰৰ বাবে পঢ়ক: ৬৫১ খন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধ আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Commissioner Deepak Kumar addresses media

Next Story
চাকৰি