Begin typing your search above and press return to search.

অতিৰিক্ত উৎপাদন: ক্ষুন্ন ভাৰতীয় চাহ ব’ৰ্ড,শতাধিক চাহ কলঘৰলৈ কাৰণ দৰ্শোৱাৰ জাননী

অতিৰিক্ত উৎপাদন: ক্ষুন্ন ভাৰতীয় চাহ ব’ৰ্ড,শতাধিক চাহ কলঘৰলৈ কাৰণ দৰ্শোৱাৰ জাননী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Feb 2020 8:33 AM GMT

অতিৰিক্তউৎপাদন: ক্ষুন্ন ভাৰতীয় চাহ ব’ৰ্ড,শতাধিক চাহ কলঘৰলৈ কাৰণ দৰ্শোৱাৰ জাননী।অতিৰিক্ত উত্পাদন কৰি ভাৰতীয় চাহ ব’ৰ্ডৰ ৰোষত পৰিল অসমৰ শতাধিক চাহ কলঘৰ।চাহিদা আৰু উত্পাদনৰ মাজত ভাৰসাম্য ধৰি ৰখাৰ উদ্দেশ্য চাহ ব’ৰ্ডে ভাৰসাম্য বৰ্তাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে অতিৰিক্ত উত্পাদন কৰা ৰাজ্যৰ ১০১টা চাহ ঘৰলৈ কাৰণ দৰ্শোৱাৰ জাননী(শ্ব’ ক’জ জাননী) জাৰি কৰিছে। অভিযোগ অনুসৰি এই কলঘৰসমূহে চাহ(বিপনন)নিয়ন্ত্ৰণ নিৰ্দেশৰ অধীনত প্ৰদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰত উল্লেখিত অনুমোদিত পৰিমাণতকৈ অধিক চাহ উত্পাদন কৰিছে। সেয়েহে চাহ ব’ৰ্ডে এই কলঘৰসমূহলৈ এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা বুলি এক সূত্ৰই জনায়।সূত্ৰটোৱে জনোৱা মতে, এই ১০১টা কলঘৰৰ ৫৬টা হৈছে বটলীফ কলঘৰ আৰু আন ৪৫টা হৈছে চাহ বাগিচাৰ কলঘৰ। বটলীফ কলঘৰসমূহে আনৰ পৰা কেঁচাপাত কিনি চাহ উত্পাদন কৰে। এনে কলঘৰৰ নিজা চাহ বাগিচা নাথাকে। আনহাতে, বাগিচাৰ কলঘৰসমূহে নিজা বাগিচাত উত্পাদিত কেঁচাপাতৰ পৰা চাহ উত্পাদন কৰে।

চাহ ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে, উক্ত ১০১টা কলঘৰৰ অন্যতম উজনি অসমৰ এটা কলঘৰে অনুমোদিত পৰিমাণতকৈ ৫০হেজাৰ কিলোগ্ৰাম অধিক চাহ উত্পাদন কৰে। একেদৰে আন এটা কলঘৰে অনুমোদিত পৰিমাণতকৈ অতিৰিক্ত ছয় লাখ কিলোগ্ৰাম চাহ উত্পাদন কৰে। অনুৰূপধৰণে আন এটা কলঘৰে অনুমোদিত পৰিমাণতকৈ ২০লাখ কিলোগ্ৰাম অতিৰিক্ত চাহ উত্পাদন কৰে। এনেদৰে বিভিন্ন চাহ কলঘৰে নীতি-নিয়ম ভংগ কৰা সম্পৰ্কত চাহ ব’ৰ্ডৰ সূত্ৰই কয়, ‘বিভিন্ন চাহ কলঘৰসমূহে নীতি-নিয়ম উলংঘা কৰাৰ ফলত চাহৰ দাম উদ্বেগজনক হাৰত হ্ৰাস পাইছে। আনকি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মাথোঁ ৬০ টকা দামত এক কিলোগ্ৰাম চাহ বিক্ৰী হোৱাৰ লেখীয়া ঘটনা সংঘটিত হৈছে।’ সম্প্ৰতি চাহ ব’ৰ্ডে জাৰি কৰা এই কাৰণ দৰ্শোৱাৰ জাননীৰ জড়িয়তে এই ১০১টা চাহ কলঘৰক অতিৰিক্ত চাহ উত্পাদনৰ শাস্তি হিচাপে কিয় চাহ আইন ১৯৫০ আৰু চাহ(বিপনন)নিয়ন্ত্ৰণ নিৰ্দেশৰ অধীনত ব্যৱস্থা ল’ব নালাগে তাৰ কাৰণ জনাবলৈ নিৰ্দেশ দিয়া হৈছে। চাহ(বিপনন)নিয়ন্ত্ৰণ নিৰ্দেশ, ২০১৫ত কোৱা হৈছে কোনো পঞ্জীয়নকৃত কলঘৰে আগতীয়া অনুমতি অবিহনে অনুমোদিত পৰিমাণতকৈ অধিক চাহ উত্পাদন কৰিব নোৱাৰিব। ইতিমধ্যে অসমৰ বিভিন্ন চাহ বাগিচাৰ দ্বাৰা গুণগতমানৰ চাহ উত্পাদনৰ বাবে ভাৰতীয় চাহ ব’ৰ্ডে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশৰূপে ব’ৰ্ডে চাহ উত্পাদন নিৰীক্ষণৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। চাহ ব’ৰ্ডৰ সূত্ৰৰ মতে, অতিৰিক্ত উত্পাদনৰ ফলত বজাৰত নিম্নমানৰ চাহে প্ৰৱেশ কৰে। ইয়ে সামগ্ৰিকবাৱে চাহৰ সুনাম নষ্ট কৰে।

অন্য খবৰৰ বাবে পঢ়ক : অপৰাধীৰ বাবে আশ্ৰয়স্থলীত পৰিণত গুৱাহাটী মহানগৰী, ২০১৯ বৰ্ষত ২০,৭২৮ টা গোচৰ ৰুজু

ভিডিঅ প্ৰতক্ষ্য কৰক : Closing Ceremony of National Level Campaign on “Swachh Bharat Abhiyaan” by Railway Childline

Next Story
চাকৰি