চাহ জনজাতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া এটিটিএচএৰ

চাহ জনজাতিৰ সন্দৰ্ভত  প্ৰতিক্ৰিয়া এটিটিএচএৰ

টিয়কত চিকিৎসক হত্যাৰ পিচত বহু চিকিৎসকে সম্প্ৰতি চাহ বাগানসমূহৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ ইফালে চিকিৎসক হত্যাৰ দৰে এটি দুৰ্ভাগ্যপূৰ্ণ ঘটনাৰ পিছত সম্প্ৰতি সকলোৱে সম্পূৰ্ণ চাহ জনজাতিৰ লোকসকলকেই সমালোচনা কৰিছে ৷ ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৱন বেডিয়াই দ্য চেন্টিনেলৰ লগত হোৱা কথা বাতৰাত কয় যি চাহ জনজাতি লোকসকলৰ মাজত জাগৰণ আনিবলৈ সম্প্ৰতি চেষ্টা কৰা হৈছে ।

এনেধৰনৰ ঘটনাৰ বিৰুদ্ধে তিনিচুকীয়া,লক্ষীমপুৰআৰু শোনিতপুৰৰ লগতে ৰাজ্যৰ ৩০০-৪০০ খন চাহ বাগানত জাগৰণৰ অভিযান চলোৱা হ’ব। লগতে সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে চাহ বাগিচাৰ লোকসকল কেতিয়াও হিংসুক নাছিল ৷তেওঁলোক সাধাৰন মানুহ। কিন্তু যেতিয়া তেওঁলোক বোনাছৰ প্ৰসংগ আহে ৷তেওঁলোক তেতিয়া সংবেদনশীল হৈ যায় ।আনহাতে সম্প্ৰতি ৰাজ্যত ২০ শতাংশ বোনাছৰ প্ৰসংগত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷লগতে হত্যাৰ বলী হোৱা ড° দেবেন দত্তৰ বিষয়ে বেডিয়াই কয় যে আমি ইতিমধ্যে জানিব পাৰিছো দেবন দত্ত এগৰাকী ভাল মানুহৰ লগতে সু চিকিৎসক আছিল ৷

গতিকে তেনেধৰণৰ এজন চিকিৎসক এনেধৰণৰ পৰিস্থিতিৰ লগত মুখামুখি হোৱাটো দুৰ্ভাগ্য জনক ৷ বহু চাহবাগিচাত বহু চিকিৎসক এতিয়াও নাই। লগতে অতিৰিক্ত ষ্টাফ কিছুমান চিকিৎসক নাই। গতিকে এনেধৰণৰ পৰিস্থিতি যাতে আৰু ভৱিষ্যতে কেতিয়াও সংঘটিত নহয় ।সেই সম্পৰ্কে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই সেই লোকসকলৰ মাজত শিক্ষা দান অতি আৱশ্যক ৷

বিশেষ সূত্ৰৰ মত অনুসৰি বহু চিকিৎসকল এতিয়াও কৰ্মস্থলীত উপস্থিত হোৱা নাই ।লগতে আন কিছুমানে বাগানসমূহত কাম কৰাৰ কাৰণে অস্বীকাৰ প্ৰকাশ কৰিছে ৷ড° দেবেন দত্তৰ হত্যাৰ ঘটনাটো প্ৰথম নহয় ৷ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই সকলো সীমা পাৰ কৰি দিলে ৷ আইএমডিএ এই সন্দৰ্ভত ২০১১ আইন খন বাহাল ৰখাৰ প্ৰস্তাৱ দিয়ে ৷ লগতে ডা° দেবেন দত্তৰ হত্যাৰ প্ৰসংগতো ৰাজ্য অন্যান্য লোকসকলৰ দৰে আছুয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আছুৱে ডা° দেবেন দত্তৰ হত্যাৰ লগত জৰিত লোকসকলক উচিত শাস্তিৰ দাবী জনাইছে ৷

এই ঘটনাই জনসাধাৰণৰ সকলো সহ্যৰ সীমা পাৰ কৰি দিছে ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ এখন বিজ্ঞপ্তি অনুসৰি সাম্প্ৰতিক সময়ত চিকিৎসকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে এইয়াই হৈছে উচিত সময় ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ ৰাজ্যিক সভাপতি ডা° সত্যজিৎ বৰা আৰু ৰাজ্যিক সভাপতি ডা° হেমাংগ বৈশ্যৰ মন্তব্য অনুসৰি চিকিৎসকসকলে কৰ্মবিৰতি ল’ব নিবিচাৰে যদিও এনেধৰণৰ পৰিস্থিতিত কৰ্ম বিৰতি লোৱাৰ বাহিৰে বেলেগ একো বিকল্প নাই।

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com