Begin typing your search above and press return to search.

আচৰিত: পৰীক্ষাত চুৰি কাৰ্য বন্ধ কৰিবলৈ ছাত্ৰ ছাত্ৰীক পিন্ধালে কাগজৰ বাকচ

আচৰিত: পৰীক্ষাত চুৰি কাৰ্য বন্ধ কৰিবলৈ ছাত্ৰ ছাত্ৰীক পিন্ধালে কাগজৰ বাকচ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 10:54 AM GMT

পৰীক্ষাত চুৰি কাৰ্য বন্ধ কৰিবলৈ ছাত্ৰ ছাত্ৰীক পিন্ধালে কাগজৰ বাকচ ৷ পৰীক্ষা বুলি ক’লে আমাৰ সকলোৰে মনত এক সংশয়ৰ সৃষ্টি হয় ৷ বিশ্বত সকলো দেশতে পৰীক্ষা বুলি ক’লে শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা যায় বিশেষ প্ৰস্তুতি ৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে শিক্ষকসকলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা গৃহত বহি যাতে কোনো ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণেও সদা সতৰ্ক হৈ থাকে শিক্ষকসকলে ৷ মেক্সিকো’ৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰসকলে যাতে পৰীক্ষা গৃহত চুৰি কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে এক বিশেষ অদ্ভুত ব্যৱস্থা লয় শিক্ষকসকলে ৷ আৰু এই বিশেষ ব্যৱস্থা ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ৷ সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

বিগত সপ্তাহত মেক্সিকোৰ টেলেক্সকালাৰ স্নাতক পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক লুইচ জুৱাৰেচ টেক্সিচ নামৰ অধ্যক্ষজনে কাগজৰ বাকচ পৰিধান কৰোৱাই। যেতিয়া এই সমগ্ৰ বিষয়টো ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ পায় তেতিয়া শিক্ষকজনৰ বিৰুদ্ধে মানৱাধিকাৰ উলংঘন কৰা বুলি অভিযোগ কৰাৰ বিপৰীতে ৷অন্য কিছুমানে শিক্ষকজনক নিলম্বণ কৰিব লাগে বুলি মত প্ৰকাশ কৰে।

আনহাতে কিছুসংখ্যক লোকে আকৌ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উপযুক্ত তদন্ত হোৱাটো বিছাৰিছে। কাৰণ এনেধৰণৰ বিষয়ক কেতিয়াো উপেক্ষা কৰিব নোৱাৰি। কিছুমানে ছাত্ৰ ছাত্ৰীজনৰ লগত হোৱা এই অপমাণৰ বিৰুদ্ধে শিক্ষকজনক অপসাৰণ কৰিবলৈ কয় । ইয়াৰ বিপৰীতে কিছু সংখ্যক লোকে শিক্ষকজনৰ পৰীক্ষাত চুৰি কৰাৰ ক্ষেত্ৰত লোৱা প্ৰতিবন্ধকতাত প্ৰশংসা কৰিছে । তেওঁলোকৰ মতে এনে ধৰণৰ পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলক কোনো ক্ষতি নকৰে ৷বৰঞ্চ তেওঁলোকক এটি ভাল শিক্ষা দিয়ে ৷ গতিকে মেক্সিকোৰ এই শিক্ষকজনৰ সন্দৰ্ভত কি ক’ব আপুনি?

অন্য খবৰৰ বাবে পঢ়ক: স্বাস্থ্য বিভাগক হেয় প্ৰতিপন্ন কৰি চাঙীতে সন্তান জন্ম গৰ্ভৱতী মহিলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Three vehicles vandalized during Tazia Procession in Dibrugarh | The Sentinel News | Assam News

Next Story
চাকৰি