Begin typing your search above and press return to search.

তেজস্বী যাদৱ আৰু ঐশ্বৰ্য্যৰ গৃহ কন্দল চৰ্চাৰ শীৰ্ষত:শাহুৱেকে খাবলৈ নিদিয়াৰ অভিযোগ

তেজস্বী যাদৱ আৰু ঐশ্বৰ্য্যৰ গৃহ কন্দল চৰ্চাৰ শীৰ্ষত:শাহুৱেকে খাবলৈ নিদিয়াৰ অভিযোগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 1:05 PM GMT

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ আৰু তেজৰ পত্নী ঐশ্বৰ্য্যৰ গৃহ কন্দল চৰ্চাৰ শিখৰত ৷ তেজস্বী আৰু ঐশ্বৰ্যৰ এই গৃহ কন্দলৰ কাৰণে পৰিস্থিতি ইমানেই অৱনতি হৈছিল যে এই পৰিস্থিতি সমাধান কৰাৰ কাৰণে সৰ্বশেষত আৰক্ষীয়ে হস্তক্ষেপ কৰিব লগীয়া হয ৷ ইফালে, ঐশ্বৰ্য্যই তেজস্বী যাদৱৰ ভগ্নী আৰু মাতৃ ৰাৱড়ী দেৱীয়ে দু- ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে ৷

ঐশ্বৰ্য্য মহিলা সংগঠন এটালৈ গৈ অভিযোগ কৰিছিল যে ৰাবড়ী দেৱী আৰু তেওঁৰ ডাঙৰ ননদ মীসা ভাৰতীয়ে মিলি ঐশ্বৰ্য্যক ঘৰৰ পৰা উলিয়াই দিছিল। ঐশ্বৰ্য্যৰ অভিযোগ যে, মীসা ভাৰতী আৰু ৰাৱড়ী দেৱীয়ে ঐশ্বৰ্য্যৰ ওপৰত শাৰীৰিক, মানসিক নিৰ্যাতন চলাই। শনিবাৰে নিশা শাহুৱেক ৰাবড়ী দেৱীৰ সন্মুখতে মিসাই অত্যাচাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি অভিযোগ কৰে ঐশ্বৰ্য্যই। লগতে শাহুৱেকে খাবলৈ নিদিয়া বুলিও উল্লেখ কৰে ঐশ্বৰ্য্যই ৷

ইয়াৰ বিপৰীতে ঐশ্বৰ্যই ক্লীন শ্বীট দিলে স্বামী তেজস্বী যাদৱক ৷ লগতে স্বামীৰ পৰা যিকোনো সময়তে সম্পূৰ্ণ সহযোগ পোৱা বুলি মন্তব্য কৰে ঐশ্বৰ্য্যই। আনহাতে ঐশ্বৰ্য্যৰ মন্তব্য অনুসৰি বিগত তিনিমাহৰ পৰা শহুৰৰ ঘৰত এসাজ খাবলৈ পোৱা নাই ঐশ্বৰ্য্যই । লগতে পাকঘৰতো সোমাবলৈ নিদিয়ে ঐশ্বৰ্য্যক ৷ যাৰ কাৰণে ঐশ্বৰ্য্যৰ পিতৃ মাতৃয়ে খাদ্য দিব লগা হৈছে।

ইফালে মিসাই কোনো কাৰণতে মোৰ আৰু তেজস্বীৰ মাজত ভাল সম্পৰ্ক থকাটো নিবিচাৰে। উল্লেখ্য যে তেজস্বী আৰু ঐশ্বৰ্যৰ মাজত পতি পত্নীৰ সম্পৰ্কত ঘূণে ধৰিছে ৷ তথাপিও ঐশ্বৰ্যই তেজস্বীৰ পৰিয়ালৰ লগত থাকিব বিচাৰে ৷কিন্তু তেজস্বীৰ পৰিয়ালে আদৰি লোৱা নাই ঐশ্বৰ্যক। অৱশ্যে এইয়া প্ৰথমবাৰৰ ঘটনা নহয় ৷

ইয়াৰ পূৰ্বেও তেজস্বী আৰু ঐশ্বৰ্য্যৰ মাজত হোৱা কন্দলে বাতৰিৰ শিৰোনামা দখল কৰিছে। ১৪ ছেপ্তেম্বৰত ঐশ্বৰ্যক ঘৰ এৰিবলৈ কোৱা হৈছিল যদিও এক ঘন্টাৰ পিছত পুনৰ উভতি আহে ঐশ্বৰ্য্য। আৰু কিছুসময়ৰ পিছত পুনৰ ঘৰলৈ উভতি যায় ঐশ্বৰ্য ৷ আনহাতে ২০১৮ চনৰ ঐশ্বৰ্য আৰু তেজস্বী বিবাহ পাশত আৱদ্ধ হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: এটি নৱজাত শিশুক চাবলৈ জনসাধাৰণে ভিৰ কৰিছে চিকিৎসালয়ত:উপায়ন্তৰ চিকিৎসক

ভিডিঅ প্ৰতক্ষ্য কৰক:NFR promotes Clean India initiative of ‘Swachhta Hi Seva’ in Assam

Next Story
চাকৰি