মৃত বুলি ঘোষণা কৰিছিল, কিন্তু শ দাহ কৰাৰ আগমুহুৰ্তত উঠি বহিল মৃতদেহ

মৃত বুলি ঘোষণা কৰিছিল, কিন্তু শ দাহ কৰাৰ আগমুহুৰ্তত উঠি বহিল মৃতদেহ

তেলেংগনাত এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হৈছে । ১৮ বছৰীয়া গান্ধাম কিৰন নামৰ এজন যুৱকক ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেলেংগনাৰ সুৰ্যাপেট হস্পিতালৰ চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল । চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছত চৌপাশে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল । তাৰ পাছতে ভেন্টিলেটৰত ভৰ্তি কৰোৱা হয় তাৰ পাছত ঘৰলৈ লৈ যোৱা হয়।

৩ জুলাইত তেলেংগনাৰ সুৰ্যাপেট জিলাৰ পিল্লালামাৰী গাওলৈ লৈ যোৱা হয় । তাৰ পাছতে পৰিয়ালৰ লোকক কিৰনৰ মৃত্যু হোৱা বুলি অবগত কৰে ।

কিন্তু সেইদিনা নিশায়ে যুৱক জনক শেষকৃত সম্পন্ন কৰাৰ আগমুহুৰ্তত পৰিয়ালৰ সকলোৰে কিৰনক হেৰুৱাই কান্দোনত ভাঙি পৰে । তাৰ পাছত এজন স্থানীয় আৰ এম পি জি. ৰাজাবাবুয়ে যুৱক জনক জীৱত বুলি প্ৰকাশ কৰে ।

আশ্চৰ্যজনক ভাৱে কিৰন পুনৰ জীয়াই উঠে । পুনৰ তিনি দিন চিকিৎসাৰ পাছত সুস্থ হৈ উঠে কিৰন । আৰু মাকৰ লগত কথা পাতে কিৰনে। ২৬ জুনৰ পৰা কিৰন অসুস্থ হৈ পৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com